Colgate Plaqless Pro Logo
উৰিষ্যাৰ পুৰীৰ সাগৰৰ পাৰত কলগেট বেদশক্তি টুথপেষ্টৰ বাবে এক আশ্চৰ্য বালিৰ ভাস্কৰ্য সৃষ্টি কৰিবলৈ, কলগেট-পালম’লিভ (ইণ্ডিয়া) লিমিটেডে উৰিষ্যাৰ পদ্মশ্ৰী বঁটা প্ৰাপ্ত আৰু আন্তৰ্জাতিকভাৱে প্রশংসিত বালিৰ শিল্পী সুদৰ্শন পাটনায়কৰ সৈতে সহযোগিতা কৰিছে। কলগেট-পালম’লিভ (ইণ্ডিয়া) লিমিটেডৰ বিপণনৰ উপ-সভাপতি শ্ৰীঅৰবিন্দ চিন্তামণিয়ে কয় যে, “এই সুন্দৰ বালি কলাৰ জৰিয়তে মৌখিক স্বাস্থ্য আপোনাৰ সামগ্ৰিক স্বাস্থ্যৰ সৈতে কেনেদৰে ঘনিষ্ঠভাৱে সংযোজিত হৈ আছে তাৰ গুৰুত্বপূৰ্ণ বাৰ্তা জীৱনলৈ অনা শ্ৰীযুত সুদৰ্শন পাটনায়কৰ সৈতে সহযোগিতা কৰি আমি অতি আনন্দিত। আশা কৰোঁ বহুলোকে তেওঁৰ চমৎকাৰী কাম চাবলৈ সুযোগ পাব আৰু “আপোনাৰ স্বাস্থ্যৰ বাবে এখন পৰিষ্কাৰ মুখ গুৰুত্বপূৰ্ণ” বেদশক্তি বাৰ্তাটো মনত ৰাখো আহক।
