কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত ১নং ৰছুলপুৰ গাঁৱৰ এজন ব্যক্তি বিদ্যুৎপৃষ্ট হৈ মৃত্যু

202

কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত ১নং ৰছুলপুৰ গাঁৱৰ আব্দুল হাকিমৰ পুত্ৰ ওৱাহিদুৰ ৰহমান(২৪) নামৰ ব্যক্তি এজন বিদ্যুৎপৃষ্ট হৈ মৃত্ হয়। জানিব পৰা মতে ঘৰৰ বাবে বিদ্যুৎৰ খুঁটাত উঠি ঠিক কৰিবলৈ লওঁতে বিদ্যুৎপৃষ্ট হৈ ওৱাহিদুৰ ৰহমানে তলত পৰি যায়। ততাতৈয়াকৈ লোক জনক কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে লোকজনক মৃত বুলি ঘোষণা কৰে। ওৱাহিদুৰ ৰহমানৰ অকাল আকস্মিক মৃত্যুত ৰছুলপুৰ অঞ্চলব্যাপী শোঁকৰ ছাঁ পৰিছে। পৰিয়ালত একমাত্ৰ উপাৰ্জনকাৰী ওৱাহিদুৰ ৰহমানে কণ কণ দুটি সন্তান, পত্নী আৰু আত্মীয়ক ইহ সংসাৰত এৰি থৈ যায়। পৰিয়ালটোক ক্ষতিপূৰণ দিয়াৰ বাবে স্থানীয়লোকে চৰকাৰক আহ্বান জনাইছে।