কলগাছিয়াৰ লাচাংগা চাৰিআলি চকত ভয়ংকৰ পথ দূৰ্ঘটনা

88

কলগাছিয়াৰ লাচাংগা চাৰিআলি চকত ভয়ংকৰ পথ দূৰ্ঘটনা ।

চাৰিচকীয়া বাহন আৰু ই-ৰিক্সাৰে মুখা মুখি সংঘটিত হয়। ইতিমধ্যে স্থানীয় ৰাইজে চালকজন আটক কৰে।চাৰিচকীয়া বাহন কলগাছিয়াৰ পৰা লাচাঙ্গালৈ গৈ থকা সময়ত বেলৰটাৰী চাৰিয়লিত ছাইকেল আৰোহিক খুন্দিয়ালে আৰু ই-ৰিক্সাক ।
চাৰিচকীয়া বাহন নম্বৰৰ AS15 P 3058 আৰু চালকজনৰ নাম লাচাঙ্গা গাঁৱৰ কব্বাদ আলী বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে আজি সন্ধিয়া সংঘটিত কৰে এই দুৰ্ঘটনা।এই পথ দুৰ্ঘটনা দুজন গুৰুতৰ ভাবে আহত হয় ।আহত দুজনক বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ।

পিছত স্থানীয় ৰাইজে ততাতৈয়াকৈ কলগাছিয়া আৰক্ষীক খবৰ দিয়ে, ঘটনাস্থলীত কলগাছিয়া আৰক্ষী উপস্থিতহৈ চাৰিচকীয়া বাহনৰ চালকক উদ্ধাৰ কৰি থানালৈ আনে আৰু তদন্ত অব্যাহত ৰাখিছে।