কলগাছিয়াৰ লাচাংগাত উত্তেজনা

220

কলগাছিয়াৰ লাচাংগাত উত্তেজনা। দুই বস্তা ৰিলিফৰ পহুখাদ্যক লৈ এই উত্তেজনা। গাওঁপ্ৰধান, পঞ্চায়ত সদস্য আৰু BLO ৰ বিৰুদ্ধে পহুখাদ্য হৰলুকি কৰাৰ অভিযোগ। কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত লাচাংগা বজাৰত এখন ই ৰিক্সাত দুই বস্তা ৰিলিফৰ পহুখাদ্য লৈ অনা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰি এক উত্তেজনা পৰিৱেশৰ সৃষ্টি কৰে। ৰাইজে ই ৰিক্সাসহ পহুখাদ্য খিনি আবদ্ধ কৰি কলগাছিয়া আৰক্ষীক খবৰ দি পশু খাদ্য খিনি গতাই দিয়ে। ৰাইজে অভিযোগ কৰা মতে বানপানীৰ বাবে চৰকাৰে যোগান ধৰা পশুখাদ্য খিনি লাচাংগা গাৱৰ গাওঁপ্ৰধান, স্থানীয় পঞ্চায়ত সদস্য আৰু BLO ই মিলি হৰলুকি কৰিছিল। ইফালে গাওঁপ্ৰধান ৰফিকুল ইছলাম আৰু BLO আয়নাল হকে ৰাইজৰ অভিযোগ পোনছাটেই নাকচ কৰে আৰু কয় যে পশুখাদ্য বিতৰনত কোনো দুৰ্নীতি হোৱা নাই। ৰাতি বেছি হৈ যোৱাৰ বাবে একাংশ হিতাধীকাৰীৰ ভাগৰ পশুখাদ্য ৰৈ যোৱাত দুই বস্তা পহশুখাদ্য স্থানীয় পঞ্চায়ত সদস্য আনোৱাৰ হুছেইনৰ জিম্মাত ৰাখিবলৈ দিয়া হয়। আৰু তেতিয়াই ৰাইজৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হোৱাত অনাহকত এই হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয় বুলি দোহাৰে গাওঁপ্ৰধান ৰফিকুল ইছলামে।