কলগাছিয়াৰ বালিকুৰিত পানীত পৰি শিশুৰ সলিল সমাধি

381

কলগাছিয়াৰ বালিকুৰিত পানীত পৰি শিশুৰ সলিল সমাধি। অঞ্চলজুৰি শোকৰ ছাঁ।
উল্লেখযোগ্য যে বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত মজিদভিটা বালিকুৰি নন কে গাওঁৰ আশ্ৰাফুল ৰহমানৰ ছোৱালী ইলিমা খাতুন (৪) য়ে আনুমানিক পুৱা ৯ বজাত খেলি থকা অৱস্থাত ঘৰৰ কাষতে থকা মৰানদীত পানীত পৰি মৃত্যুক সাৱটি লয়। বহু সময় পিতৃ মাতৃয়ে কন্যা শিশুক বিচাৰি নাপাই বিচাৰ খোজ আৰম্ভ কৰে। পিছত সন্দেহ বশতঃ ৰাইজে স্থানীয় ৰাইজে মৰানদীত গোটেই দিনটো বিচাৰি অৱশেষত দিনৰ ২ বজাত মাছমৰীয়াৰ জালেৰে ছোৱালী জনীৰ মৃত্যুদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঘটনাস্হলীত স্থানীয় আৰক্ষী উপস্থিত হৈ মৃত্যু দেহটো মৰনোত্তৰৰ বাবে বৰপেটা ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। ছোৱালী জনীৰ অকাল মৃত্যুত অঞ্চলব্যাপী শোকৰ ছাঁ বিৰাজ কৰিছে।