কলগাছিয়াৰ বলাইপাথাৰ গাঁওত অজগৰ সাপ উদ্ধাৰ।

144

কলগাছিয়াৰ বলাইপাথাৰ গাঁওত অজগৰ সাপ উদ্ধাৰ। স্থানীয় থানাত সমজাই দিয়ে উদ্ধাৰকাৰী ৰাইজে। বৰপেটা জিলাৰ কলগাছিয়া থানাৰ অন্তৰ্গত বলাই পথাৰ গাঁওত অজগৰ সাপ উদ্ধাৰ। জানিব পৰা মতে বলাই পথাৰ গাঁওৰ বুঢ়া মজ্জিদৰ ওচৰত জালত মেৰিয়াই থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰে। লগে লগে ৰাইজে বৰপেটা ৰোডৰ বন বিভাগক খবৰ দিয়ে। জানিব দিয়া মতে সাপৰ ওজন প্ৰায় ২০ কিলোগ্ৰাম আৰু দীঘল প্ৰায় ১২ ফুট হব। অজগৰ সাপ টো বানপানীৰ সময়ত অহা বুলি জানিব দিয়ে স্থানীয় ৰাইজে। বৰপেটা ৰোড বনবিভাগক সময়ত উপস্থিত নোহোৱাত অজগৰ সাপটো ৰাইজে কলগাছিয়া থানাত সমজাই দিয়ে।