কলগাছিয়াত অসম জাতীয় পৰিষদৰ বিশাল জনসভা

99

নিৰ্বাচনলৈ মাজত আৰু মাত্ৰ কেইটামান দিন বাকী। ইতিমধ্যেই ৰণশিঙা বজাইছে প্ৰতিটো ৰাজনৈতিক দলেই। দেওবাৰে অসম জাতীয় পৰিষদৰেও কলগাছিয়াৰ বামুণটাৰীত এক বিশাল জন সমাবেশ আয়োজন কৰি নিৰ্বাচনী দুন্দুভি বজায়। জন সমাৱেশত অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈ উপস্থিত থাকি বিজেপি, কংগ্ৰেছ-এআইইউডিএফক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰে।

অমল ডেকাৰ সভাপতিত্বত অনুষ্ঠিত জনসভাত ভাষণ প্ৰদান কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰে লুৰীণজ্যোতি গগৈয়ে। তেওঁ কয়, ‘কা আন্দোলনৰ সময়ত জনীয়া-বাঘবৰৰ মাটিত জনসভা আয়োজন কৰি দেখুওৱাওক বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছিল। এতিয়া আমি আহ্বান জনাইছো যে তেওঁ ইয়াতে জনসভা কৰি দেখুওৱাওক।’ এইবাৰ অসমত এখন ধৰ্মনিৰপেক্ষ আঞ্চলিক চৰকাৰ গঠন হ’ব বুলিও দাবী কৰে লুৰীণজ্যোতি গগৈয়ে।

ইফালে কংগ্ৰেছ-এআইইউডিএফক সমালোচনা কৰি এজেপিৰ সভাপতিগৰাকীয়ে সংখ্যালঘু ৰাইজক কংগ্ৰেছ আৰু আজমলৰ হয় হুজুৰী এৰি আঞ্চলিক শক্তিক সমৰ্থন জনাবলৈ আহ্বান জনায়। সভাত দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, সম্পাদক জিয়াউৰ ৰহমান সহ বহুত নেতা উপস্থিত থাকে।