কলগাছিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা

306

কলগাছিয়াৰ বলাইপাথাৰ পূব কলগাছিয়া ভয়ংকৰ পথ দুৰ্ঘটনা। পঞ্জীয়ন, বীমা আৰু অনুজ্ঞাপত্ৰ বিহীন চালকৰ ই ৰিক্সা পৰিল গৈ খালত। স্থানীয় প্ৰশাসনক অবৈধ চালক সকলৰ বিৰুদ্ধে অভিযোগ উত্থাপিত কৰিছিল। কলগাছিয়া আৰক্ষী চকীৰ অন্তৰ্গত কলগাছিয়া বলাইপাথাৰ, গুনীয়ালগুৰি এইকেইখন গুৰুত্বপূৰ্ণ পথেৰে সঘনাই চলি থাকে ই ৰিক্সা।আৰু আজি সংগঠিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। বলাই পাথাৰ দিশৰ পৰা কলগাছিয়া অভিমূখে আহি থকা ই-ৰিক্সা নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত সোমাই যায়। তাৰ পিছতেই সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো।বাহনখনৰ পঞ্জীয়ন, বীমা পঞ্জীয়ন তথা অনুজ্ঞাপত্ৰ বিহীন চালকৰ ই-ৰিক্সাখনত সঘনাই দুৰ্ঘটনা হোৱা দেখা যায়। ই ৰিক্সাৰ অতপালিত অতিষ্ঠ হয় পৰিছে গঞা ৰাইজ। ই ৰিক্সাৰ চালক সকলোৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা লবলৈ স্থানীয় প্ৰশাসনক দাবী জনায় সচেতন মহলে।