কলকাতাৰ কাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ

116

কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ হাস্পতালত সংঘটিত হোৱা চিকিৎসক ছাত্ৰীৰ জঘণ্য হত্যাকাণ্ডৰ ন্যায় বিচাৰি সমগ্ৰ দেশজুৰি অব্যাহত আছে প্ৰতিবাদ। তাৰ মাজতেই পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধেও ৰাজ্যখনত বিভিন্ন ৰাজনৈতিক দলসমূহে মুকলিকৈ প্ৰতিবাদ কৰিছে।এনে পৰিস্থিতিত আজি বংগৰ ৰাজপথত প্ৰতিবাদ কৰিবলৈ সাজু হৈছে খোদ মমতা বেনাৰ্জী। মমতা বেনাৰ্জীয়ে ৰাজপথত নামি কিয় আৰু কাৰ বিৰুদ্ধে এই প্ৰতিবাদ কৰিবলৈ বিচাৰিছে সেই লৈ এতিয়া দেশজুৰি উৎসুকতাৰো সৃষ্টি হৈছে।