কলকাতাত দুৰ্গা পূজাৰ পেণ্ডেল জোতাৰে সজোৱাক লৈ প্ৰতিক্ৰিয়া; বিজেপি, বিশ্ব হিন্দু পৰিষদৰ প্ৰতিবাদ

114

আজিৰে পৰা আৰম্ভ হৈছে শাৰদীয় দুৰ্গোৎসৱ। কলকাতাৰ ডমডম পাৰ্ক অঞ্চলৰ এটা দুৰ্গা পূজাৰ মণ্ডপত কৃষক আন্দোলনৰ সমৰ্থনত অসংখ্য জোতা ব্যৱহাৰ কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বিজেপি আৰু বিশ্ব হিন্দু পৰিষদে পেণ্ডেলত জোতা ব্যৱহাৰ কৰাত তীব্ৰ আপত্তি জনাইছে। অৱশ্যে, আয়োজকসকলে কয় যে তেওঁলোকৰ পেণ্ডেল কৃষক আন্দোলনৰ বিষয়বস্তুৰ আধাৰত নিৰ্মান কৰা হৈছে আৰু মূল পূজা মণ্ডপৰ পৰা নিলগত এই পেণ্ডেল সজোৱা হৈছে।

দুৰ্গা পেণ্ডেলটো ডমডম উদ্যান ভাৰত চক্ৰ পূজা সমিতিয়ে প্ৰস্তুত কৰিছে আৰু অনিৰ্বাণ দাস নামৰ এজন শিল্পীয়ে সজাইছে। এই পেণ্ডেলৰ জৰিয়তে সমিতিখনে কিষাণ আন্দোলনৰ লগতে উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত সংঘটিত হিংসাত্মক ঘটনাও প্ৰতিফলিত কৰিছে। পেণ্ডেলটো বাহিৰৰ পৰা শ শ জোতা আৰু চেণ্ডেলেৰে সজোৱা হৈছে।

অনিৰ্বাণ দাসে সংবাদ সংস্থা পিটিআইক কয় যে পেণ্ডেলত এখন ডাঙৰ ট্ৰেক্টৰত আন্দোলনৰ সময়ত নিহত কৃষকসকলৰ নাম এখন স্লিপত লিখা আছে। লগতে এখন পোষ্টাৰত লিখা হৈছে, ‘আমি কৃষক। সন্ত্ৰাসবাদী নহয়। খেতিয়কসকল খাদ্যৰ সৈনিক।

পূজা সমিতিৰ সম্পাদক প্ৰতীক চৌধুৰীয়ে আঙুলিয়াই দিছে যে তেওঁ পেণ্ডেলৰ জৰিয়তে কৃষকসকলৰ শোষণৰ ওপৰত আলোকপাত কৰিব বিচাৰে। তেওঁ কয়, “১৯৪৬-৪৭ চনৰ তেভাগা আন্দোলনৰ পৰা শেহতীয়া কৃষক আন্দোলনলৈকে আমি আমাক খাদ্য যোগান ধৰা কৃষকসকলৰ কাহিনী ক’বলৈ চেষ্টা কৰিছো।’ তেওঁ কয়। ‘লখিমপুৰ খেৰীত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ সময়ত আমাৰ পেণ্ডেল প্ৰায় সাজু হৈ পৰিছিল, কিন্তু আমি সেই হিংসাৰ কাহিনীও পেণ্ডেলত অন্তৰ্ভুক্ত কৰিছোঁ।’

দুৰ্গা পূজাৰ পেণ্ডেলটো জোতা আৰু চেন্ডেলেৰে সজোৱা হৈছে। বিজেপিয়ে ইয়াক বিশ্বাসৰ অপমান বুলি অভিহিত কৰিছে। পশ্চিম বংগ বিধানসভাৰ বিৰোধী দলৰ নেতা আৰু বিজেপি বিধায়ক শুভেন্দু অধিকাৰীয়ে গৃহ সচিব আৰু মুখ্য সচিবলৈ পত্ৰ লিখি ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। তেওঁ টুইট কৰে, “ডমডম পাৰ্কত দুৰ্গা পূজাৰ পেণ্ডেল জোতাৰে সজোৱা হৈছে। ‘শৈল্পিক স্বাধীনতা’ৰ নামত মা দুৰ্গাক অপমান কৰাৰ এই জঘন্য কাৰ্য্য সহ্য কৰা নহ’ব। আমি মুখ্য সচিব আৰু গৃহ সচিবক এই বিষয়ত হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনাইছোঁ।

বিশ্ব হিন্দু পৰিষদেও ইয়াত আপত্তি কৰিছে। ভিএইচপিয়ে বেংগলৰ গৃহ সচিবলৈও পেণ্ডেলৰ পৰা জোতা আঁতৰাবলৈ পত্ৰ লিখিছে। ভিএইচপিয়ে লিখিছে, ‘আমি আপোনাক তৎক্ষণাৎ পেণ্ডেলৰ পৰা জোতা আঁতৰাবলৈ উপযুক্ত পদক্ষেপ ল’বলৈ অনুৰোধ জনাইছো। যেতিয়ালৈকে এই আপত্তিজনক জোতাবোৰ উপাসনাস্থলীৰ পৰা আঁতৰ কৰা নহয়, বাঙালী হিন্দুসকলৰ ধৰ্মীয় অনুভূতি হ্ৰাস নহ’ব। সম্প্ৰতি বিনষ্ট কৰাৰ এয়া এক চক্ৰান্ত।”