কমলপুৰ বিধানসভা সমষ্টিৰ এখন গাঁৱৰ ভোট বৰ্জনৰ সিদ্ধান্ত।আজিও গ্ৰাম্যাঞ্চলৰ ৰাইজে ভুগিছে যাতায়তৰ দুৰ্ভোগ। আজিও বাৰিষা ৰোগীক ঠেলাৰে নিব লাগে চিকিৎসালয়লৈ।জৰাজীৰ্ণ পথে জীয়াতু ভোগাইছ ৰাইজক।গাছবাৰীৰ শিমলীবাৰীত ভুই ৰুই ৰাইজৰ উত্তাল প্ৰতিবাদ।উল্লেখযোগ্য যে নিৰ্বাচন আহিল নিৰ্বাচন গ’ল।
কিন্তু আজিলৈ সমাধান নহ’ল ৰাইজৰ সমস্যাৰ।বাৰাম্বাৰ অনুনয় বিনোনয় কৰাৰ পাছতো গুৰুত্ব নিদিলে বিধায়ক দিগন্ত কলিতাই।
গোৰেশ্বৰৰ সমীপৱৰ্তী কামৰূপ জিলাৰ কমলপুৰ বিধানসভা সমষ্টিৰ শিমলীবাৰী গাঁৱত এটা জৰাজীৰ্ণ পথে যাতায়াতত জীয়াতু ভোগাইছে গ্ৰাম্যাঞ্চলৰ ৰাইজক। সমষ্টিটোৰ বিহদিয়া জাঁজীকোনা উন্নয়ন খণ্ডৰ অন্তৰ্গত গাছবাৰীৰ পৰা বৰনদী যোৱা পথৰ শিমলীবাৰী-বটাবাৰী-গোপচাৰ সংযোগী পথটো দীৰ্ঘদিন ধৰি মেৰামতি নকৰাত বৰষুণৰ পানীৰে উপচি বোকাময় হৈ বৰ্তমান যাতায়াতৰ অনুপযোগী হৈ পৰিছে।
ফলত বিধ্বস্ত হৈ পৰা পথটোৰে স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু ৰোগীকে ধৰি বৃহত্তৰ অঞ্চলটোৰ সকলো ৰাইজ যাতায়াত কৰাত ভীষণ অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে। ৰাইজৰ অভিযোগ ইয়াৰ পিছতো কানসাৰ নাই স্থানীয় বিধায়ক দিগন্ত কলিতাৰ।
এনে পৰিস্থিতিত অতিষ্ঠ হৈ পৰা ৰাইজে আজি ওলাই আহি বোকাময় পথটোত ভুই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰতিবাদকাৰীসকলে-‘বিজেপি চৰকাৰ হায় হায়,আমাক ৰাষ্টা লাগে ৰাষ্টা দিয়ক আদি শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলাৰ লগতে অতিশীঘ্ৰে পথটো মেৰামতি কৰিবলৈ দাবী জনায়।
