পৱন নীল কাশ্যপ, চাংসাৰিঃ ৰাজ্যত অভাৱ ঘটিছে কোভিড-১৯ ভেকচিনৰ। বিভিন্ন অঞ্চলৰ কেভিড ভেকচিন প্ৰদান শিৱিৰত অসংখ্য জনতাই ভেকচিনৰ বাবে ভিৰ কৰাৰ বাতৰি প্ৰচাৰ হৈছে। তাৰ মাজতে আজি কমলপুৰৰ ৰাইপাট গাঁৱৰ কোভিড চেণ্টাৰত ধোঁৱাচাঙত উঠা দেখা গ’ল কোভিড প্ৰটক’ল।
ডাৱৰীয়া বতৰকো নেওচি ৫ শতাধিক লোকে কোভিড চেণ্টাৰটোত ভিৰ কৰে ভেকচিনৰ বাবে। মুখত মাস্কবিহীনভাৱে, সামাজিক দুৰত্ব পালন নকৰাকৈ ভেকচিন ল’বলৈ এনেদৰে অগণন লোকে ভিৰ কৰা কাৰ্যই এতিয়া আতংকিত কৰিছে কমলপুৰৰ সচেতন মহলক। কিয়নো গণ সংক্ৰমণৰ সম্ভাৱনা এতিয়া ভয়াবহ হৈ পৰিছে এলেকাটোত।
তাতকৈও ডাঙৰ কথা হৈছে যে কোভিড চেণ্টাৰটোত স্বাস্থ্য বিভাগৰ হাতত মজুত আছে কেৱল ১৫০টা ভেকচিনৰ ড’জ। তাৰ বিপৰীতে ৫ শতাধিক লোকে ভেকচিনৰ বাবে ভিৰ কৰা পৰিলক্ষিত হয়।