কমলপুৰৰ বৰুৱাজানী ভাটিচুবুৰি অঙ্গনবাদী কেন্দ্ৰৰ দ্বাৰা পোকে খোৱা মটৰ বিতৰণ

99

পৱন নীল কাশ্যপ, চাংসাৰীঃ কণ কণ শিশুসকলৰ পুষ্টিৰ বাবে অংগনবাড়ী কেন্দ্ৰৰ জৰিয়তে বিতৰণ কৰা খাদ্য সামগ্ৰীতো এতিয়া দেখিবলৈ পোৱা গৈছে কেলেংকাৰী। কমলপুৰ থানাৰ অন্তৰ্গত বৰুৱাজানী ভাটিচুবুৰী অংগণবাড়ী কেন্দ্ৰৰ দ্বাৰা বিতৰণ কৰা মটৰ খোৱাৰ অনুপযোগী বুলি অভিযোগ উত্থাপন কৰিছে অভিভাৱকসকলে।

অংগণবাড়ী কেন্দ্ৰটোৰ দ্বাৰা বিতৰণ কৰা মটৰ পোকে খোৱা পৰিলক্ষিত হোৱাৰ লগতে বিতৰণ কৰা চাউলো নিম্ন মানৰ বুলি অভিযোগ উত্থাপন কৰিছে শিশুসকলৰ অভিভাৱকসকলে। এনে পৰিস্থিতিত তেনে খাদ্য খুৱাই শিশুক জানি বুলি মৃত্যুৰ মুখলৈ ঠেলি দিয়া হব বুলিহে ক্ষোভ উজাৰিছে তেওঁলোকে। এনে নিম্নমানৰ খাদ্য সামগ্ৰী বিতৰণ কৰা অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী তথা অন্যান্য বিষয়া সকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।