কমলপুৰত ন বিবাহিতা মহিলাৰ মৃত্যু, স্বামীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ

88

পৱন নীল কাশ্যপ, চাংসাৰিঃ কমলপুৰৰ সোণেশ্বৰত এগৰাকী নবিবাহিতা মহিলাৰ মৃত্যুই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। মাত্ৰ চাৰি মাহ পূৰ্বে প্ৰেম বিবাহত আবদ্ধ হোৱা ইমা দাস নামৰ মহিলাগৰাকীৰ শনিবাৰে নিশা মৃত্যু ঘটে। তাৰ পিছতে এয়া এক হত্যাকাণ্ড বুলি দাবী কৰিছে ইমাৰ পৰিয়ালে। হত্যাৰ অভিযোগ উত্থাপন হৈছে স্বামী বসন্ত দাসৰ বিৰুদ্ধে। উল্লেখ্য যে, বসন্ত দাস এগৰাকী চিআৰপিএফ জোৱান।

জানিব পৰা মতে, মাত্ৰ ৪ মাহ পূৰ্বে দীৰ্ঘদিনীয়া প্ৰেমৰ পৰিণতিত বিবাহ পাশত আৱদ্ধ হৈছিল বসন্ত দাস আৰু ইমা দাস। কিন্তু বিবাহৰ পিছতে দুয়ো পতি-পত্নীৰ মাজত বৃদ্ধি পাবলৈ ধৰে মনোমালিন্য। ইমা আৰু বসন্ত প্ৰায়ে কাজিয়াত লিপ্ত হোৱাৰো অভিযোগ উত্থাপন হৈছে। যাৰ পৰিণতিত শনিবাৰে নিশা পত্নী ইমাক পৰিকল্পিতভাৱে হত্যা কৰাৰ অ্ভিযোগ উত্থাপন হৈছে স্বামী বসন্ত দাসৰ বিৰুদ্ধে। জানিব পৰা মতে, ইমা দাস এগৰাকী নাৰ্ছ হিচাপে কৰ্মৰত আছিল।

ইফালে মহিলাগৰাকীৰ পৰিয়ালৰ লোকৰ অভিযোগৰ ভিত্তিত কমলপুৰ আৰক্ষীয়ে বসন্ত দাসক আটক কৰি তদন্ত আৰম্ভ কৰিছে। কিন্তু ইমাৰ মৃত্যু প্ৰকৃততে হত্যা নে আন কিবা, তাক লৈ বৰ্তমানো অব্যাহত আছে চাঞ্চল্য।