কমলপুৰত চিলনী চোৰৰ উদণ্ড বিচৰণ

80

কমলপুৰৰ পৰা পৱন নীল কাশ্যপৰ প্ৰতিবেদন : বৃহস্পতিবাৰে কামৰূপ জিলাৰ কমলপুৰত এজনী মহিলাই বেংকৰ পৰা ঘৰলৈ উভতি যোৱা বাটত দুই চিলনীচোৰে বাইক ত আহি মহিলা জনীৰ ডিঙিৰ চেইন কাঢ়ি নিয়ে। ঘটনাৰ পিছত মহিলাগৰাকীয়ে চিঞৰ বাখৰ কৰাত ঘটনাস্থলীত উপস্থিত থকা লোক সকলে চিলনী চোৰ দুজনক কৰায়ত্ত কৰি পিছত কমলপুৰ আৰক্ষীক চমজাই দিয়ে।

উল্লেখ্য যে, কমলপুৰৰ লগতে বৃহত্তৰ অঞ্চলটোত চিলনী চোৰৰ সন্ত্ৰাসত নিদ্ৰা হৰণ হৈছে আৰক্ষী তথা স্থানীয় ৰাইজৰ।