কমনৱেলথ গেমছত স্বৰ্ণজয় অসম কন্যা নয়নমণিৰ, তাৰ পিছতে দিয়া হ’ল পদোন্নতি

9559

কমনৱেলথ গেমছত ইতিহাস ৰচনা কৰা নয়নমণি শইকীয়াক লৈ আজি গৌৰৱাম্বিত অসমৰ লগতে সমগ্ৰ দেশবাসী।

বিশ্ববাসীৰ হৃদয় জিনি চলিত কমনৱেলথ গেমছত প্ৰথমবাৰৰ বাবে মহিলা ল’ন বলত স্বৰ্ণপদক জয় কৰিবলৈ সক্ষম হৈছে নয়নমণি শইকীয়া আৰু ভাৰতীয় মহিলা দলটোৱে।

ভাৰতৰ বাবে এইবাৰ চতুৰ্থটো স্বৰ্ণ পদক আজুৰি অনা নয়নমণি শইকীয়া কমনৱেলথ গেমছত স্বৰ্ণ জয় কৰা প্ৰথমগৰাকী অসমীয়া হিচাপেও পৰিগণিত হৈছে। যাৰ এতিয়া খেলুৱৈ গৰাকীক লৈ উছাহৰ অন্ত নাই অসমবাসীৰ।

নয়ণমনি শইকীয়াৰ এই স্বৰ্ণজয়ৰ সন্মান স্বৰূপে পদোন্নতি দিয়া হৈছে তেওঁৰ কৰ্মক্ষেত্ৰতো। স্বৰ্ণ জয়ী ক্ৰীড়াবিদগৰাকীক তাৎক্ষণিকভাৱে বন বিভাগৰ সহকাৰী কমাণ্ডেন্ট হিচাপে পদোন্নতি প্ৰদান কৰিছে অসম চৰকাৰে।

ইয়াৰ পূৰ্বে বন সংৰক্ষণ বাহিনীৰ কনিষ্টবলৰূপে নিযুক্ত আছিল ক্ৰীড়াবিদ গৰাকী।

উল্লেখ্য যে, এটা সাধাৰণ কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা নয়নমণিৰ ক্ৰীড়াৰ প্ৰতি ৰাপ আছিল শৈশৱৰ পৰাই। তেওঁ প্ৰথমে ২০০৮ চনত এগৰাকী ভাৰত্তোলক হিচাপে নিজৰ ক্ৰীড়া জীৱন আৰম্ভ কৰে।

কিন্তু ভৰিৰ আঘাতৰ বাবে তেওঁ পৰৱৰ্তী সময়ত ভাৰত্তোলন এৰি ল’ন বল খেলিবলৈ আৰম্ভ কৰে। আৰু পিছত তেওঁ এই খেলৰ জৰিয়তেই ৰাষ্ট্ৰীয় দলৰ এক অবিচ্ছেদ্য অংগ হৈ পৰে।

খেলৰ ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ থকাৰ সময়তে ২০১১ চনত বন সংৰক্ষণ বাহিনীৰ কনিষ্টবল হিচাপে নিযুক্তি লাভ কৰিছিল নয়নমণি শইকীয়াই।

কিন্তু কমনৱেলথ গেমছত তেওঁ স্বৰ্ণজয়ৰে সমগ্ৰ অসমবাসীৰ লগতে ভাৰতবাসীক গৌৰৱাম্বিত কৰাৰ পিছত তেওঁক পদোন্নতি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে।