ক’ভিড-১৯ মহামাৰী : বৰ্তমান স্থিতি আৰু সামাজিক দায়বদ্ধতা” শীৰ্ষক ৱেব আলোচনাচক্ৰ

100

ষ্টাফৰিপৰ্টাৰ, সদৌ অসম আৰক্ষী সন্থা আৰু প্ৰাগজ্যোতিষ ছ’চিয়েল ফাউণ্ডছন ট্ৰাষ্টৰ সহযোগত দেওবাৰে গুগল মিটৰ জৰিয়তে এখন ৱেব আলোচনা চক্ৰ অনুষ্ঠিত হয়। ‘ক’ভিড-১৯ মহামাৰী : বৰ্তমান স্থিতি আৰু সামাজিক দায়বদ্ধতা শীৰ্ষক’ আলোচনা চক্ৰখন চি এ আৰ এ চিৰ গুৱাহাটীৰ মুখ্যউপদেষ্টা তথা সদৌ অসম আৰক্ষী সন্থা গুৱাহাটীৰ সাধাৰণ সম্পাদক তাহেৰুদ্দিন আহমেদৰ সঞ্চালনাত অনুষ্ঠিত হয়। এই আলোচনা চক্ৰত বিশিষ্ট চিকিৎসক ডাঃ নভনীল বৰুৱা, যোৰহাটৰ উপ-আৰক্ষী মহাপৰিদৰ্শক
(পূব সং মণ্ডল) ড০ জি ভি শিৱপ্ৰসাদ, বিশিষ্ট লেখক, হিউমেন ৰাইটছ ইন্টাৰনেশ্বনেল ফেডাৰেচন, অসমৰ ৰাষ্ট্ৰীয় মুখ্য সঞ্চালক বৰ্ণালী শৰ্মা বৰুৱা উপস্থিত থাকি বিষয়বস্তু সম্পৰ্কে আলোকপাত কৰে। এই আলোচনা চক্ৰত সাম্প্ৰতিক সময়ৰ এই পৰিস্থিতিক লৈ কেইবাটাও নতুন দিশক সামৰি আলোচনা কৰা হয়। উল্লেখ্য আলোচনাচক্ৰত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰৱক্তা ড০ সত্যজিৎ ভূঞা, বাংগালুৰু স্থিত প্ৰবাসী অসমীয়া তথা হেম ৰেডীঅ’ অপাৰেটৰ ধ্ৰুৱজ্যোতি ভূঞা, আগৰতলাৰ পৰা বিশ্বজিত সাহা আদিয়ে অংশগ্ৰহণ কৰে। উল্লেখ্য এই আলোচনাচক্ৰত প্ৰায় ৭০ জনৰো অধিক লোকৰ সংযোগ হয়।