ক’ভিড বিধি মানি এন ডি আৰ এফৰ মুখ্য কাৰ্যালয়ত দুৰ্গা পূজা পালন

81

আজাৰা : ৰাজ্যৰ আন অঞ্চলৰ লগতে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা পাটগাঁওস্থিত প্ৰথম ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ ( এন ডি আৰ এফ ) উদ্যোগত আৰু সীমান্ত নিৰাপত্তা বাহিনীৰ (বি এছ এফ) গুৱাহাটী ফ্ৰণ্টিয়াৰৰ সহযোগত বাহিনীটোৰ মুখ্য কাৰ্যালয় চৌহদত ২২ অক্টোবৰৰ পৰা সষ্ঠী শ্ৰী শ্ৰী দুর্গা দেৱীৰ প্ৰতিমা স্থাপনৰে আৰম্ভ হোৱা শাৰদীয় দুৰ্গা পূজাৰ আজি বিজয়া দশমীত প্ৰতিমা বিসৰ্জনৰে সামৰণি পৰে ।

ইয়াৰ উপৰি দুৰ্গা পূজাৰ লগত সংগতি ৰাখি দৈনিক সন্ধিয়া অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত চৌহদৰ শিশু আৰু আমন্ত্ৰিত শিল্পীয়ে নৃত্য – গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে । আনহাতে এই সন্দৰ্ভত প্ৰথম এন ডি আৰ এফৰ কমাণ্ডেণ্ট ৰণধীৰ সিং গীলে কয় ‘আমি সম্পূৰ্ণ কভিড বিধি মানি দুৰ্গা পূজা পালন কৰিছোঁ । পূজালৈ অহা সকলো লোকৰে স্ক্ৰিনিং কৰি হাত ধোঁৱাৰ পাছতহে পূজা মণ্ডপত প্ৰৱেশ কৰিবলৈ সামাজিক দূৰত্ব বজাই ৰাখি প্ৰৱেশ কৰিবলৈ দিয়া হৈছে ।’

আনকি এই সন্দৰ্ভত এন ডি আৰ এফৰ সঞ্চালক প্ৰধান সত্য নাৰায়ণ প্ৰধানে বাহিনীটোৰ সকলো বেটেলিয়ানক যাবতীয় নিৰ্দেশনা দিছে । যোৱা বাৰ বছৰ ধৰি আমি ইয়াত দুৰ্গা পূজা পালন কৰি আহিছো বুলি কমাণ্ডেণ্ট গীলে ব্যক্ত কৰে । ইফালে চৌহদত থকা সকলো বিষয়া-কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলে কভিড বিধি মানি পূজাৰ কাৰ্যসূচী উপভোগ কৰে ।