গুৱাহাটীঃ ৰাজ্যখনৰ দ্বিতীয় সৰ্ববৃহৎ ভোটাৰ থকা সমষ্টি হিচাপে পৰিচিত ৫৪নং পশ্চিম গুৱাহাটীত অষ্টমবাৰৰ বাবে প্ৰতিদ্বন্দিতা কৰি ষষ্ঠ বাৰৰ বাবে বিজয়ী হোৱাৰ লগতে এইবেলি অভিলেখ পৰিমাণৰ প্ৰায় ১.৩৮ লাখ ভোট লাভ কৰা ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বৰ্তমানৰ ৰাজ্যৰ ভয়ংকৰ ক’ভিড পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি নহা পৰ্যন্ত ৰাজহুৱা স্থানত কোনো ধৰণৰ অনুষ্ঠানত অংশগ্ৰহণ আৰু ৰাজহুৱা সম্বৰ্ধনা গ্ৰহণ নকৰে বুলি ঘোষণা কৰিছে।
অৱশ্যে বিগত দুদিনত অগপকে ধৰি মিত্ৰজোঁটৰ দুই এক সমৰ্থক-কৰ্মকর্তাই ক’ভিড বিধি মানি বাসভৱনলৈ আহি শুভেচ্ছা আৰু সম্বৰ্ধনা জ্ঞাপন কৰিছে। এই সন্দৰ্ভত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় যে বৰ্তমান ৰাজ্যত ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে। চৰকাৰে ক’ভিডৰ সংক্ৰমণ ৰোধৰ বাবে হাফ লকডাউন সদৃশ পৰিস্থিতিৰ লগতে সন্ধিয়াৰ পৰা পুৱালৈ সান্ধ্য আইন ঘোষণা কৰিবলৈ বাধ্য হৈছে। গতিকে দল মত নিৰ্বিশেষে এতিয়া সকলোৱে ৰাজনীতিৰ উৰ্ধত থাকি ক’ভিডৰ শৃংখল ছিগিবৰ বাবে চৰকাৰে বান্ধি দিয়া ক’ভিড প্ৰট’কল সমূহ পালন কৰি চলিব লাগে যাতে আৰু অধিক সংক্ৰমণ নহয়।
আনহাতে অসম বিধানসভাৰ ৬ এপ্ৰিলত অনুষ্ঠিত হৈ যোৱা নিৰ্বাচনত ৰাজ্যৰ আন বহু সমষ্টিৰ দৰে পশ্চিম গুৱাহাটীতো বিৰোধী কংগ্ৰেছ দলে ধৰ্মীয় সংখ্যালঘু ভোটাৰক তুষ্টিকৰণ আৰু সাম্প্ৰদায়িক ৰাজনীতিৰে তেওঁলোকৰ মাজত বিভেদৰ ৰাজনীতি কৰা কাৰ্যত আক্ষেপ প্ৰকাশ কৰিছে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। ক্ষমতাৰ বাবে কংগ্ৰেছ দলে সদায় সাম্প্ৰদায়িক ৰাজনীতিৰ আশ্ৰয় লৈ অহা বুলি সদৰি কৰি কলিতাই কয় দলটোৱে অন্তত পশ্চিম গুৱাহাটীত এনে ধৰণৰ ৰাজনীতি কৰিব নালাগিছিল। এনে ধৰণৰ ৰাজনীতিৰে ধৰ্মীয় সংখ্যালঘু ভোটৰ সৰহ সংখ্যকেই কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰাকীয়ে লাভ কৰা বাবে এইবেলি দলটোৱে যদিও বিগত ২০১৬ চনৰ নিৰ্বাচনতকৈ প্ৰায় ১৭ হাজাৰ অধিক ভোট লাভ কৰিবলৈ সক্ষম হয়। আনকি দলটোৰ এনে প্ৰৰোচনামূলক কাৰ্যৰ বাবে নিৰ্বাচনৰ দিনা সন্ধিয়া ধৰ্মীয় সংখ্যালঘু বসতি প্ৰধান ধাৰাপুৰৰ মজলীত দলটোৰ নাম লৈ একাংশ সমৰ্থকে নিৰ্বাচন বিষয়াক আক্ৰমণ কৰি আঁহত কৰা, নিৰ্বাচন বিষয়াৰ বাহন ভাঙি পেলোৱাৰ দৰে ঘটনা সংঘটিত হৈছিল।
আগন্তক দিনত সমষ্টিটোত কংগ্ৰেছ দলৰ এনে ধৰণৰ তুষ্টিকৰণ আৰু বিভেদৰ ৰাজনীতি প্ৰতিহত কৰাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি সাম্প্ৰদায়িক সম্প্ৰীতি, সামাজিক সুস্থিৰতা বজাই ৰাখিবলৈ যত্ন কৰা হব। এইক্ষেত্ৰত অগপৰ উপৰিও মিত্ৰজোঁটৰ অংশীদাৰী দল বিজেপি, ৰাভা হাচং যৌথ সংগ্ৰাম সমিতি, ইউ পি পি এলৰ সকলো কার্যকর্তা, কর্মী-সমৰ্থক, বিষয়-ববীয়াক কংগ্ৰেছ দলে যাতে আগন্তক দিনত পুনৰ যাতে সমষ্টিটোত এনে ধৰণৰ তুষ্টিকৰণৰ ৰাজনীতি কৰি ৰাইজৰ মাজত বিভেদৰ ভাৱ সিঁচিব নোৱাৰে তাৰ ওপৰত চকু ৰাখিবলৈ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই আহ্বান জনাইছে।