ঋতু পৰ্ণ শৰ্মা, নগাঁও:- কোনোবাই যদি চিত্ৰ আঁকিছে, কোনোবাই গাইছে মানুহৰ গান, কোনোবাই আকৌ কঁকাল ভাঙি নাচিছে,কোনোবাই কবিতা আবৃত্তিৰে জয় কৰিলে হাজাৰ জনৰ মনপ্ৰাণ–এনেদৰেই শুক্ৰবাৰে শতাধিক কণ কণ দিব্যাংগ শিশুৰ কলৰৱত মুখৰিত হৈ পৰিল মৰিগাঁও জিলাৰ জালুগুটিস্থিত কপিলী খণ্ড সমল কেন্দ্ৰৰ বাকৰি ।
সমগ্ৰ বিশ্বই প্ৰতিবছৰে উদযাপন কৰি অহা ”বিশ্ব প্ৰতিবন্ধী দিৱস”টি আজি সমগ্ৰ শিক্ষাৰ কপিলী শিক্ষাখণ্ডৰ কাৰ্যালয় চৌহদতো উলহ-মালহে উদযাপন কৰা হয়। সেই উপলক্ষে দিনজোৰা কাৰ্যসূচীৰ অংশৰূপে পুৱা ৯ বজাত পতাকা উত্তোলন কৰে দিব্যাংগ শিশু মুকচিদুল আখতাৰে ।
ইয়াৰ পাছতে দিব্যাংগ শিশুসকলৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতাৰ পাছতে দিব্যাংগ শিশুসকলৰ মাজত গীত আৰু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । কপিলী শিক্ষাখণ্ডৰ শিশুৱে যোগদান কৰা প্ৰতিযোগিতাসমূহত প্ৰতিবন্ধী শিশুসকলে প্ৰদৰ্শন কৰা প্ৰতিভাই মন্ত্ৰমুগ্ধ কৰি তোলে উপস্থিত সহস্ৰাধিক লোকক ।
দুপৰীয়া উক্ত অনুষ্ঠানৰ মাজতে এক বিনামূলীয়া স্বাস্থ্য শিৱিৰ অনুষ্ঠিত হয় । এই শিৱিৰটিত চৰাইবাহী ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক-চিকিৎসাকৰ্মী উপস্থিত থাকি ৪০ জনৰো অধিক দিব্যাংগ শিশুৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে প্ৰয়োজনীয় ঔষধ বিতৰণ কৰে । ইপিনে,বিশ্ব দিব্যাংগ দিৱস উদযাপনৰ লগত সংগতি ৰাখি অনুষ্ঠিত এক সভাত কপিলী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সমৰ বৰুৱা,জ্যেষ্ঠ গাণনিক সুমিত্ৰ পাল, ব্লক এম আই এচ সমন্বয়ক চন্দ্ৰ গোস্বামী,কপিলী খণ্ডৰ চি আৰ চি চি ৰঞ্জনজ্যোতি মহন্ত, প্ৰণৱজ্যোতি নাথ, সঞ্জীৱ নাথ, সৰ্বশিক্ষাৰ সংহত শিক্ষা শাখাৰ সমল ব্যক্তি ক্ৰমে মুনিন শৰ্মা, জোন বৰা, গিৰিণ বৰা, বলেন্দ্ৰ কুমাৰ নাথকে ধৰি অন্যান্য ব্যক্তিসকল উপস্থিত থাকি দিব্যাংগ শিশুসকলক সম মৰ্যদাৰে আগুৱাই নিবলৈ সমাজৰ কৰণীয় আৰু চৰকাৰৰ আঁচনিসমূহৰ ওপৰত বিস্তৃতভাৱে বক্তব্য আগবঢ়ায় ।
উক্ত সভাতে বিভিন্ন খেল-ধেমালি আৰু গীত-নৃত্য প্ৰতিযোগিতাত প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত শিশুসকলক পুৰস্কাৰসমূহ বিতৰণ কৰাৰ লগতে দিব্যাংগ ছাত্ৰ-ছাত্ৰীৰ বাবে সমগ্ৰ শিক্ষাৰ তৰফৰপৰা আগবঢ়োৱা স্কুল বেগ বিতৰণ কৰা হয় ।
