কপিকূলে সন্ত্ৰাস চলালে গোলাঘাট চহৰৰ

153

কপিকূলে সন্ত্ৰাস চলালে গোলাঘাট চহৰৰ

ডেৰঘণ্টা ধৰি বান্দৰে সন্ত্ৰাস চলালে ৰাজপথত ৷
গণতন্ত্ৰ দিবসৰ দিনা কপিকূলে সন্ত্ৰাস চলালে গোলাঘাট চহৰৰ মাজমজিয়াত ৷ পুবা প্ৰায় দহবজাত এটা বান্দৰৰ জাকে খাদ্যৰ সন্ধানত আহোতেই মাকৰ কোলাৰ পৰা এটি নৱজাতক পোৱালী পৰি যায় ৷ পথৰ মাজত পোৱালীটো পৰিযোৱাত এজনে পোৱালীটো পথৰ কাষলৈ নিয়াৰ প্ৰচেষ্টা চলাওতেই বান্দৰ সেনাৰ জাকে লোকজনলৈ চোচাঁ লয় ৷ ইয়াৰ পিছতেই পথেদি মানুহ গলেই খেদামাৰিয়ায় এটা মলুৱাবান্দৰে ৷ কপিকূলৰ চিঞৰবাখৰ আৰু মলুৱাৰ খেদাত ত্ৰাসিত হৈপৰে বাটৰুৱা ৷ এনেদৰে ডেৰ ঘণ্টা উকলাৰ পিছত এজন যুৱকে এডাল লাঠীলৈ মৰসাহ কৰি পোৱালীটো পথৰ কাষত থৈ দিয়াৰ পিছত মাকে পোৱালীটো লৈ যায় ৷