কণমানি ৰাজদ্বীপৰ হাতত যেতিয়া প্ৰাণ পাই উঠে আইনষ্টাইন, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা…

60

পৱন নীল কাশ্যপ, চাংসাৰিঃ ‘যি মূলা বাঢ়ে, তাৰ দুপাততে চিন।’ বিহদিয়াৰ ৰাজদ্বীপৰ এতিয়া পৰিচয় সকলোৱে জানে। প্ৰতিভাৰ উচিত প্ৰয়োগেৰে আজি সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে ৰাজদ্বীপে।

কামৰূপ জিলাৰ বিহদিয়া জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ৰাজদ্বীপ কাকতিয়ে ছবি আঁকে। আজৰি সময়ত ৰং-তুলিকা হাতত লৈ প্ৰাণ দিয়ে চিত্ৰ শিল্পক। ৰাজদ্বীপৰ আঙুলিৰ পৰশত জীৱন্ত হৈ উঠিছে মহান বিজ্ঞানী আইনষ্টাইন, অভিনেতা অমিতাভ বচ্চন, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰাজদ্বীপে আঁকিছে জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাৰ চিত্ৰও।

ৰাজদ্বীপৰ এনে প্ৰতিভা দেখি এতিয়া পিতৃ-মাতৃৰ লগতে সমগ্ৰ অঞ্চলবাসী অভিভূত হৈ পৰিছে। সকলোৱে একেমুখে ৰাজদ্বীপৰ উজ্বল ভৱিষ্যতৰ কামনা কৰিছে।