নিউজ ডেস্কঃ তিব্বতী ধৰ্মগুৰু দালাই লামাই এটি কণমানি শিশুক ওঁঠত চুমা খোৱাৰ লগতে ‘জিভা চেলেকিবলৈ’ কোৱাৰ এটা ভিডিঅ’ দেওবাৰে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে তেওঁৰ ভক্তৰ মাজত সৃষ্টি হয় তীব্ৰ ক্ষোভৰ।
যাৰ বাবে অৱশেষত কিশোৰজন আৰু পৰিয়ালৰ ওচৰত ক্ষমা খোজে তিব্বতী ধৰ্মগুৰুগৰাকীয়ে।
বৌদ্ধ সন্ন্যাসীগৰাকীৰ অফিচিয়েল টুইটাৰ হেণ্ডেলযোগে টুইট কৰি কয় যে তেওঁৰ কথাৰ দ্বাৰা প্ৰৰোচিত ‘আঘাত’ৰ বাবে তেওঁ অনুশোচিত।
লগতে তেওঁ ভাইৰেল ভিডিঅ’টোত থকা কিশোৰজন, তেওঁৰ পৰিয়াল আৰু সমগ্ৰ বিশ্ববাসীৰ ওচৰত ক্ষমা বিচাৰে।
দৰাচলতে শেহতীয়াকৈ এখন বৈঠকত এটি কণমানি কিশোৰে পৰম পবিত্ৰ দালাই লামাক সুধিছিল যে তেওঁ তেওঁক সাৱটি ধৰিব পাৰিবনে?
ইয়াৰ পিছতে নোবেল বঁটা বিজয়ী দালাই লামাই তেওঁৰ জিভাখন উলিয়াই শিশুটিক জিভাখন চুহিবলৈ কয়।
সামাজিক মাধ্যমত ধৰ্মগুৰু গৰাকীৰ এনে আচৰণৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।