কঠিয়াতলীত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত দুজন, আহত ৩

64

নগাঁও জিলাৰ কঠিয়াতলী আৰক্ষী চকীৰ অন্তৰ্গত ৰেংবেঙত মঙলবাৰে সন্ধিয়া সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত দুজন থিতাতে নিহত হোৱাৰ লগতে গুৰুতৰভাবে আহত হয় তিনিজন লোক।
নিহত লোক দুজন ক্ৰমে হাওৰাঘাটৰ চিন্নত বে (২৮) আৰু বোকাজানৰ সান্দৰসিং হাঞ্চে(৩২) বুলি জানিব পৰা গৈছে ৷ আনফালে এই দুৰ্ঘটনাত গুৰুতৰ ভাবে আহত হয় চিতৰ সিং টেৰণ (৩৫), অৰুণ কিলিং (২৫) আৰু তাপশ দাস (৩০)।

জানিব পৰা মতে, আধাৰ কাৰ্ডৰ কামৰ শেষ কৰি লোককেইজনে আঞ্জুকপানীৰ পৰা ডিফুলৈ ‘এ এচ ০১ ই এম ৯৬৫৭’ নম্বৰৰ বলে’ৰ গাড়ীখনেৰে উভতি অহাৰ সময়তে বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকে ৰাজপথতে খুন্দা মাৰে বলে’ৰ খনক। ভোগালী বিহুৰ প্ৰাকক্ষণত সংঘটিত এই দুৰ্ঘটনাই অঞ্চলজুৰি শোকৰ সৃষ্টি কৰিছে।