ষ্টাফৰিপোৰ্টাৰ, ২৪ এপ্ৰিল: কটন বিশ্ববিদ্যালয়ৰ উন্নত ভাৰত অভিযান (ইউ বি এ) গোটে উন্নয়নৰ বাবে পৰিগ্ৰহণ কৰা কামৰূপ জিলাৰ চন্দ্ৰপুৰৰ নিজপানবাৰী অঞ্চলৰ অসহায় পৰিয়ালৰ মাজত অত্যাৱশকীয় সামগ্ৰীৰ সাহায্য বিতৰণ কৰে৷ গুৱাহাটী মহানগৰৰ প্ৰশাসনৰ সহযোগত ইউ বি এ ৰ যুটিয়া সমন্বয়ক ড° নাৰায়ণ শৰ্মাৰ উপস্থিতিত ২৩ এপ্ৰিলত উক্ত অঞ্চলৰ লগতে গোটে পৰিগ্ৰহণ কৰা চক্ৰদেউ কলিতাপাৰা অঞ্চলতো সাহায্য বিতৰণ কৰে৷ এই কৰ্যসূচীত নিজ পানবাৰী গাৱঁৰ গাওঁবুঢ়া প্ৰশান্ত ৰঙহাংৰ তত্ত্বাৱধানত গাওঁবাসীয়ে সামাজিক দূৰত্ব বৰ্তাই ৰাখাৰ লগতে আশা কৰ্মী সকলে ছেনিটাইজাৰে হাত ধোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে৷ পৰিয়াল সমূহৰ মাজত চাউল, দাইলি, আলু, পিয়াঁজ, তেল, নিমখ, চেনী, চাহ, চাবোন ইত্যাদি বিতৰণ কৰে৷ কটন বিশ্ববিদ্যালয়ৰ শিক্ষক সকলৰ আৰ্থিক সাহায্য লগতে বিশ্ববিদ্যালয়ৰ ইউ বি এ ৰ সমন্বয়ক ড° সংগীতা বৰঠাকুৰৰ প্ৰচেষ্টাত এই সমগ্ৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ বিশ্ববিদ্যালয়ৰ ইউ বি এ গোটে উন্নয়নৰ বাবে পৰিগ্ৰহণ কৰা পাঁচখন গাৱৰ ভিতৰত বাকী থকা তিনিখন গাৱটো সাহায্য বিতৰণৰ কাৰ্যসূচী হাতত লৈছে৷
