কংগ্ৰেছ বিধায়কৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ, বিধায়কৰ প্ৰশ্ন- ভুল কি মোৰ?

118

বাংগালুৰুঃ মঙলবাৰে নিশা বাংগালুৰুত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে ১১১ জনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে৷ উল্লেখ্য যে, মঙলবাৰে সন্ধিয়া দুৰ্বৃত্তৰ দলে কংগ্ৰেছ বিধায়ক অখণ্ড শ্ৰীনিৱাস মুৰ্তিৰ ডীজে হল্লী অঞ্চলত থকা বাসগৃহত অগ্নিসংযোগ কৰাৰ লগতে দুখনকৈ আৰক্ষী চকীত আক্ৰমণ কৰি বিস্তৰ ক্ষতিসাধন কৰে৷ এই ঘটনাত আৰক্ষী কৰ্মীসহ ৩ জন লোক নিহত হয়৷

এই ঘটনাৰ পিছত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়ক অখণ্ড শ্ৰীনিৱাস মুৰ্তিয়ে কয় যে দুৰ্বৃত্তই আক্ৰমণ কৰিবলগাকৈ তেওঁ কোনো ভুল কৰা নাই৷ আৰু যদি ভুল কৰিছেও তাৰ বাবে মিডিয়া অথবা আৰক্ষীৰ ওচৰলৈ গৈ সেয়া ফাদিল কৰিব পাৰে৷ কিন্তু তাকে নকৰি তেওঁৰ পৰিয়ালৰ ওপৰত আক্ৰমণ চলোৱাটো কোনো পধ্যেই গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰে মুৰ্তিয়ে৷

জানিব পৰা মতে, বিধায়ক অখণ্ড শ্ৰীনিৱাস মুৰ্তিৰ ভাগিনীয়েকে কৰা এটা বিতৰ্কিত টুইটৰ পিছতে সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ একাংশ লোকে বিধায়কজনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ তাৰ পিছতে বিধায়কজনৰ বাসগৃহত দুৰ্বৃত্তৰ দলটোৱে আক্ৰমণ সংঘটিত কৰে৷ এই ঘটনাত আৰক্ষী কৰ্মীসহ ৩ জন লোক নিহত হয়৷ অৱশ্যে সেই সময়ত বিধায়কজনৰ পৰিয়াল বাসগৃহত উপস্থিত নথকাত হতাহত হোৱাৰ পৰা ৰক্ষা পৰে৷

এই সন্দৰ্ভত দুখ ব্যক্ত কৰি শ্ৰীনিৱাস মুৰ্তিয়ে কয়, ‘মই যদি কিবা অপৰাধ বা ভুল কৰিছো, তেন্তে মিডিয়া বা আৰক্ষীৰ ওচৰলৈ যোৱা উচিত আছিল৷ কিন্তু তাকে নকৰি মোৰ বাসগৃহত আক্ৰমণ কৰাটো উচিত নহয়৷ আৰু ভুল যিয়ে কৰিছে, তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ কৰক, লাগিলে সেয়া মোৰ বাইদেউৰ ল’ৰাই হওঁক বা আন কোনোবাই৷ কিন্তু ভুলটো মোৰ নহয়, গতিকে মোক আক্ৰমণৰ লক্ষ্য কৰি কিয় লোৱা হৈছে?’