কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ অংকিতা দত্তক।
অৱশেষত প্ৰাথমিক সদস্য পদৰ পৰা ড০ অংকিতা দত্তক বহিষ্কাৰ কৰিছে কংগ্ৰেছে । ছয় বছৰৰ বাবে বহিষ্কৃত কৰা হৈছে কংগ্ৰেছ যুৱ নেত্ৰীগৰাকীক ।উল্লেখযোগ্য যে শনিবাৰে এআইচিচিয়ে জাৰি কৰিছে এই নিৰ্দেশনা । এআইচিচিৰ সাধাৰণ সম্পাদক তাৰিক আনুৱাৰে দল বিৰোধী কাৰ্য-কলাপত লিপ্ত হোৱাৰ অভিযোগত এই বহিষ্কৃত কৰা হৈছে বুলি প্ৰেছ বিজ্ঞপ্তি প্ৰদান কৰিছে।
