সন্মুখত উপ নিৰ্বাচন। নিৰ্বাচনক কেন্দ্ৰ কৰি পুনৰ এবাৰ ৰাজনৈতিক তৎপৰতা বৃদ্ধি পাইছে প্ৰতিটো দলৰ। এফালে যদি বিজেপি, আনফালে নিৰ্বাচনত কংগ্ৰেছৰ সৈতে একেলগে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ প্ৰস্তুতি চলাইছে অখিল গগৈৰ ৰাইজৰ দলে। তাৰ মাজতে বিৰোধী মহাজোঁটক পুনৰ এবাৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিজেপি চৰকাৰৰ বহুবল্কী মন্ত্ৰী পীয়ুষ হাজৰিকাই।
সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত বাকপটু মন্ত্ৰীজনে মহাজোঁটক স্বাৰ্থপৰজোঁট বুলি অভিহিত কৰি কয়, নিৰ্বাচনৰ সময়ত বাঘে-ছাগলীয়ে একলগ হয়। কংগ্ৰেছে নিজকে বাঘ বুলি ভাবি অখিল গগৈক খাম বুলি ভাবে। কেতিয়াবা আকৌ অখিল গগৈয়ে কংগ্ৰেছক খাম বুলি ভাবে ।
কংগ্ৰেছ আৰু অখিল গগৈৰ কোনো নৈতিকতা নাই বুলি কটাক্ষ কৰি মন্ত্ৰীজনে লগতে কয় যে উপ নিৰ্বাচনত কংগ্ৰেছ বা অখিল গগৈ কোনোজনেই বিজেপিৰ সন্মুখত তিষ্ঠিব নোৱাৰে। আনহাতে প্ৰধানমন্ত্ৰীৰ জন্মদিন ২০ দিনীয়াকৈ উদযাপন কৰাটো দলীয় সিদ্ধান্তহে, চৰকাৰী সিদ্ধান্ত নহয় বুলি মন্তব্য কৰে বহুবল্কী মন্ত্ৰীজনে।
