কংগ্ৰেছৰ সাংগঠনিক নিৰ্বাচন অনুষ্ঠিত নকৰিলে আগন্তুক ৫০ বছৰলৈ বহিব লাগিব বিৰোধীৰ আসনতঃ গুলাম নবী আজাদ

86

ডিজিটেল ডেস্কঃ কংগ্ৰেছ ৱৰ্কিং কমিটীৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীৰে পুনৰ সৰৱ হৈ পৰিছে দলৰ জ্যেষ্ঠ নেতা গুলাম নবী আজাদ। সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত তেওঁ কংগ্ৰেছৰ অধ্যক্ষা ছোনীয়া গান্ধীৰ নাম উল্লেখ নকৰাকৈয়ে কয় যে বৰ্তমান যিগৰকী দলৰ অধ্যক্ষৰূপে নিয়োগ হৈ আছে, তেওঁৰ সপক্ষে একাংশ দলীয় নেতা-কৰ্মীৰো সমৰ্থন নাই।

উল্লেখ্য যে, কংগ্ৰেছ ৱৰ্কিং কমিটীৰ নিৰ্বাচন অনুষ্ঠিত আৰু দলৰ ভিতৰচৰাত সাল সলনিৰ বাবে যি ২৩ গৰাকী দলীয় জ্যেষ্ঠ নেতাই কংগ্ৰেছ অধ্যক্ষা ছোনীয়া গান্ধীলৈ পত্ৰ লিখিছিল, তেওঁলোকৰ ভিতৰত অন্যতম এগৰাকী হৈছে গুলাম নবী আজাদ। ইফালে ছোনীয়া গান্ধীলৈ এই পত্ৰ লিখাৰ পিছতে যোৱা ২৪ আগষ্টত অনুষ্ঠিত হয় ৱৰ্কিং কমিটীৰ বৈঠক। এই বৈঠকত সৰ্বসন্মতিক্ৰমে ছোনীয়া গান্ধীকৈ দলৰ অন্তৱৰ্তীকালনী অধ্যক্ষা হিচাপে নিয়োগ কৰা হয়। এই প্ৰস্তাৱত সমৰ্থন আগবঢ়ায় গুলাব নবী আজাদৰ লগতে ছোনীয়ালৈ পত্ৰ লিখা আন কেইবাগৰাকী জ্যেষ্ঠ নেতায়ো।

কিন্তু শেহতীয়াকৈ পুনৰ সুৰ সলাই নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনাইছে গুলাম নবী আজাদে। তেওঁ কেৱল ৱৰ্কিং কমিটীৰ বৈঠকতেই নহয়, ৰাজ্যৰ সভাপতি, জিলা সভাপতি, ব্লক সভাপতিৰ লগতে অন্যান্য সাংগঠিন পদৰ ক্ষেত্ৰতো নিৰ্বাচন অনুষ্ঠিত কৰাৰ পোষকতা কৰে। এনেধৰণৰ নিৰ্বাচনৰ জৰিয়তে কংগ্ৰেছৰ ভৱিষ্যত উজ্বল হ’ব বুলিও মন্তব্য কৰে আজাদে। অন্যথা আগন্তক ৫০ বছৰলৈ কংগ্ৰেছ কেৱল বিৰোধীৰ আসনতে সন্তুষ্ট থাকিব লাগিব বুলিও জ্যেষ্ঠ নেতাগৰাকীয়ে মন্তব্য কৰে।

আজাদে কয়, ‘যেতিয়া আপুনি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব, তেতিয়া আপোনাৰ ওচৰত ৫১ শতাংশ ভোট থকাটো প্ৰয়োজন হ’ব। আপুনি দুই বা তিনিজনৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব। তেনে ক্ষেত্ৰত আপুনি ৫১ শতাংশ ভোট লাভ কৰাৰ অৰ্থ হ’ব আপোনাৰ ওচৰত অধিক সংখ্যক লোকৰ সমৰ্থন আছে। যাৰ দ্বাৰা সুনেতৃত্ব প্ৰদানৰ আশা কৰিব পাৰি।’

‘বৰ্তমান কংগ্ৰেছত যিগৰাকী অধ্যক্ষা নিয়োগ হৈ আছে, তেওঁৰ পক্ষত ১ শতাংশৰো সমৰ্থন নাই। এনে অৱস্থাত যদি কংগ্ৰেছ ৱৰ্কিং কমিটীৰ নিৰ্বাচন অনুষ্ঠিত হয়, তেন্তে দলে এজন সুযোগ্য আৰু সকলোৰে পচন্দৰ অধ্যক্ষ লাভ কৰিব পাৰিব।’ -আজাদে পুনৰ কয়।

ইফালে জ্যেষ্ঠ নেতা গুলাম নবী আজাদে সংবাদ মাধ্যমৰ সন্মুখত কৰা এনে মন্তব্যক লৈ এতিয়া কংগ্ৰেছৰ ভিতৰচৰাতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জ্যেষ্ঠ কংগ্ৰেছ নেতা নছীব পাঠানে গুলাম নবী আজাদক দলৰ পৰা বহিস্কাৰ কৰিব লাগে বুলিও মন্তব্য কৰিছে। পাঠানৰ মতে, দলে আজাদক বহু কিছু প্ৰদান কৰিছে যদিও গুলাম নবী আজাদে দলক মাথো প্ৰতাৰণাৰ বাহিৰে একো দিয়া নাই। গতিকে এনে নেতা দলৰ ভিতৰত থকাটো দলৰ উন্নয়নৰ বাবে ক্ষতিকাৰক হিচাপে চিহ্নিত হ’ব পাৰে বুলি মন্তব্য কৰে পাঠানে।