কংগ্ৰেছৰ পৰম্পৰাগত নেতৃত্বৰ অৱসানঃ ৬ মাহৰ ভিতৰত নিৰ্বাচন কৰা হ’ব নতুন অধ্যক্ষ

94

ডিজিটেল ডেস্কঃ আগন্তুক ৬ মাহৰ ভিতৰত নিৰ্বাচন কৰা হ’ব কংগ্ৰেছৰ নতুন অধ্যক্ষ। সোমবাৰে দিল্লীত অনুষ্ঠিত দলটোৰ ৱৰ্কিং কমিটীৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে কমিটীৰ সদস্যসকলে। অৱশ্যে নতুন অধ্যক্ষ নিৰ্বাচিত নোহোৱা পৰ্যন্ত দলটোৰ অন্তৱৰ্তীকালীন অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিব ছোনীয়া গান্ধীয়ে।

উল্লেখ্য যে, দলৰ পৰম্পৰাগত নেতৃত্বৰ অৱসান ঘটাই গান্ধী পৰিয়ালৰ বাহিৰৰ কোনো অভিজ্ঞ আৰু জ্যেষ্ঠ নেতাক কংগ্ৰেছৰ দায়িত্বভাৰ অৰ্পণৰ দাবীৰে দলৰ ভিতৰচৰাত বাক-বিবাদৰ সৃষ্টি হৈ আহিছিল। শেহতীয়াকৈ এই সন্দৰ্ভত জ্যেষ্ঠ নেতা গুলাম নবী আজাদ, শশী থৰুৰ, কপিল চিব্বল আদি ভালেকেইজন জ্যেষ্ঠ নেতাই ছোনীয়া গান্ধীলৈ পত্ৰও লিখিছিল। তাৰ পিছতে সোমবাৰে কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠক অনুষ্ঠিত হয়।

প্ৰায় ৭ ঘণ্টা ধৰি চলা এই বৈঠকত দলটোৰ নতুন অধ্যক্ষ বাচনি সন্দৰ্ভত আলোচনা হয়। ইফালে, মিডিয়াৰ বাতৰি অনুসৰি, ৰাহুল গান্ধীয়ে বৈঠকৰ আৰম্ভণিতে ছোনীয়ালৈ পত্ৰ লিখা কংগ্ৰেছ নেতাসকলৰ বিজেপিৰ সৈতে মিলা-মিছা আছে বুলি মন্তব্য কৰে। মিডিয়াৰ প্ৰচাৰৰ পিছতে ৰাহুল গান্ধীৰ বিৰুদ্ধে খেদ প্ৰকাশ কৰি জ্যেষ্ঠ নেতা কপিল চিব্বলেও টুইটযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। অৱশ্যে পৰৱৰ্তী সময়ত ৰাহুল গান্ধীয়ে বৈঠকত তেনে কোনো মন্তব্য কৰা নাই বুলি দলৰ প্ৰৱক্তা ৰণদ্বীপ সুৰজেৱালাই স্পষ্ট কৰি দিয়াৰ পিছতে কপিল চিব্বলে নিজৰ টুইটটো ডিলিট কৰা পৰিলক্ষিত হয়।