কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গুলাম নবী আজাদৰ পদত্যাগ

80

কংগ্ৰেছত ব্যাপক খহনীয়া। ৰাহুল গান্ধীৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰি কংগ্ৰেছৰ পৰা পদত্যাগ প্ৰবীণ নেতা গুলাম নবী আজাদৰ। দলৰ অধ্যক্ষা ছোনীয়া গান্ধীলৈ এক ৫ পৃষ্ঠাজোৰা সুদীৰ্ঘ পত্ৰ প্ৰেৰণ কৰি কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ লগতে সকলো বিষয়বাবৰ পৰা পদত্যাগ কৰে বৰ্ষীয়ান নেতাগৰাকীয়ে।

কংগ্ৰেছৰ অধ্যক্ষা ছোনীয়া গান্ধীলৈ লিখা পত্ৰখনত গুলাম নবী আজাদে কয় যে কংগ্ৰেছ বৰ্তমান পতনৰ শেষ বিন্দুত উপনীত হৈছে। দলৰ এই পতনৰ বাবে ৰাহুল গান্ধীক একপ্ৰকাৰ জগৰীয়া কৰে জ্যেষ্ঠ নেতাগৰাকীয়ে।

তেওঁ পত্ৰত উল্লেখ লিখিছে, ‘দুৰ্ভাগ্যবশতঃ ৰাজনীতিত ৰাহুল গান্ধীৰ প্ৰৱেশৰ পিছত আৰু বিশেষকৈ জানুৱাৰী ২০১৩ ৰ পিছত যেতিয়া তেওঁক উপ-সভাপতি হিচাপে নিযুক্তি দিয়া হৈছিল, তেতিয়াৰ পৰাই দলটোৰ পতন নিশ্চিত হৈছিল৷’

অন্যহাতে এই পত্ৰখনত তেওঁৰ স্বাস্থ্যজনিত সমস্যাৰ কথা উল্লেখ কৰি জম্মু-কাশ্মীৰৰ সাংগঠনিক পদৰ পৰা পদত্যাগ কৰাৰ কথাও উল্লেখ কৰে জ্যেষ্ঠ নেতাগৰাকীয়ে। ৭৩ বৰ্ষীয় ৰাজনীতিবিদ গৰাকীয়ে ইন্দিৰা গান্ধীৰ সৈতে থকা তেওঁৰ সুসম্পৰ্কৰ কথাও পত্ৰখনৰ জৰিয়তে উল্লেখ কৰে।

জ্যেষ্ঠ নেতাগৰাকীৰ পদত্যাগে কংগ্ৰেছৰ ভেটি পুনৰ দুৰ্বল কৰি তোলা বুলি মন্তব্য কৰিছে বিভিন্নজনে। আনহাতে কংগ্ৰেছ ত্যাগ কৰাৰ পিছত আজাদে নতুন ৰাজনৈতিক দল গঠন কৰিব বুলিও চৰ্চা চলিছে এই মুহূৰ্তত।