কংগ্ৰেছৰ অন্ন যোগান আঁচনি ব্যৰ্থ কৰাৰ চেষ্টা চলাইছে কেন্দ্ৰীয় চৰকাৰেঃ গুৰুতৰ অভিযোগ কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ

178

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই কেন্দ্ৰই কংগ্ৰেছৰ অন্ন যোগান আঁচনি ৰাজ্যখনত বিফল কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কৰি কয় যে বিজেপিয়ে “ঘৃণাৰ ৰাজনীতি” কৰিছে।

সিদ্দাৰমাইয়াই কয় যে ভাৰতীয় খাদ্য নিগমে তেওঁলোকক চাউল যোগান ধৰিবলৈ সন্মতি দিছিল যদিও এতিয়া তেওঁলোকে কৈছে যে তেওঁলোকৰ ষ্টক নাই।

“যদি ষ্টক নাছিল, তেন্তে এফচিআইয়ে পূৰ্বে কেনেকৈ সন্মতি দিছিল?” বুলিও প্ৰশ্ন কৰে সিদ্দাৰামাইয়াই।