কংগ্ৰেছৰ অধ্যক্ষৰূপে শপত গ্ৰহণ মল্লিকাৰ্জুন খৰ্গেৰ…

75

বুধবাৰে কংগ্ৰেছৰ অধ্যক্ষৰূপে শপত গ্ৰহণ কৰি দলটোৰ দায়িত্বভাৰ গ্ৰহণ কৰে মল্লিকাৰ্জুন খৰ্গেয়ে।

বিগত সপ্তাহত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনত দলীয় সাংসদ শশী থাৰুৰক বিপুল ব্যৱধানত পৰাস্ত কৰি খৰ্গে অধ্যক্ষৰূপে নিৰ্বাচিত হৈছিল।

প্ৰথমবাৰৰ বাবে দলীয় কৰ্মীসকলক সম্বোধন কৰি খৰ্গেয়ে কয়, ‘এজন শ্ৰমিকৰ পুত্ৰ, এজন সাধাৰণ কংগ্ৰেছ কৰ্মীয়ে কংগ্ৰেছ দলৰ মুৰব্বী হিচাপে দায়িত্ব লোৱাৰ বাবে মোৰ বাবে এয়া এক আৱেগিক মুহূৰ্ত। এই সন্মানৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছো।”

তেওঁ পুুনৰ কয়, “মই ১৯৬৯ চনত ব্লক কমিটিৰ মুৰব্বী হিচাপে এই যাত্ৰা আৰম্ভ কৰিছিলো, আৰু আজি এই পৰ্যায় লাভ কৰিছো। মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰুৰ দৰে নেতাৰ দ্বাৰা পৰিচালিত হোৱা কংগ্ৰেছৰ উত্তৰাধিকাৰ স্বৰূপে দলটোক আগুৱাই নিয়াটো মোৰ বাবে সৌভাগ্য আৰু গৌৰৱৰ কথা।’

ভাৰতীয় ৰাজনীতিৰ ইতিহাস সমৃদ্ধ দলটোৰ নেতৃত্ব বহন কৰি আগন্তুক গুজৰাট আৰু হিমাচল প্ৰদেশ নিৰ্বাচনৰ বাবে সুপৰিকল্পনাৰে আগবাঢ়িব বুলিও মন্তব্য কৰে মল্লিকাৰ্জুন খৰ্গেয়ে।

খৰ্গেক অভিনন্দন জনাই প্ৰাক্তন অধ্যক্ষ ছোনিয়া গান্ধীয়ে কয়, ‘নৱ নিৰ্বাচিত অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। পৰিৱৰ্তন হৈছে বিশ্বৰ নিয়ম… কংগ্ৰেছে ইয়াৰ আগতেও বহু অসুবিধাৰ সন্মুখীন হৈছিল। কিন্তু মই নিশ্চিত যে আমি সমস্যাবোৰ অতিক্ৰম কৰিম।”

ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ উপস্থিতিত কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ অধ্যক্ষ মধুসুদন মিষ্ট্ৰীয়ে খৰ্গেক নিৰ্বাচনৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে।

উল্লেখ্য যে, ২৪ অক্টোবৰৰ পৰা ২৬ অক্টোবৰলৈ ভাৰত জোড়ো যাত্ৰাৰ পৰা তিনিদিনীয়া বিৰতি লৈ দিল্লীত অনুষ্ঠিত কংগ্ৰেছ অধ্যক্ষৰ শপতগ্ৰহণ অনুষ্ঠানত অংশ লয় ৰাহুল গান্ধীয়ে।

অনুষ্ঠানৰ পূৰ্বে বুধবাৰে পুৱা খৰ্গে দিল্লীৰ ৰাজঘাটত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ বাসগৃহতো উপস্থিত হয়।