ষ্টাফ ৰিপৰ্টাৰ, ৩ জুন :: কংগ্ৰেছে বিভিন্ন ক্ষুদ্ৰ দল সংগঠনৰ সৈতে মিত্ৰতা কৰিলেহে বিজেপিক পৰাস্ত কৰিব পাৰিব -এক বিবৃতি যোগে এই কথা সদৰী কৰে ৰাষ্ট্ৰীয় জনতা দল। দলৰ ৰাজ্যিক সভাপতি, অভিযন্তা সোণাৰুল শ্বাহ মুস্তাফাই বিবৃতি যোগে কয় ” কংগ্ৰেছে ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিবলৈ হলে অসমৰ সৰু সুৰা ৰাজনৈতিক দল, সংগঠনৰ লগত মিত্ৰতা কৰা উচিত। অসমৰ প্ৰতিটো সমষ্টিত ক’ম বেছি পৰিমাণে প্ৰতিটো দলেৰে ভোট বেংক আছে। বিজেপিয়ে ইতিমধ্যে বিভিন্ন দল সংগঠনৰ লগত মিত্ৰতা কৰি কেন্দ্ৰ তথা ৰাজ্যত ক্ষমতা দখল কৰি আছে। অসম তথা ভাৰতবৰ্ষত কোনো দলে অকলে ক্ষমতা দখল কৰিব নোৱাৰে।”