কংগ্ৰেছী নেতাই শোৱাৰ পৰা উঠালৈ ধুতি-লুঙিৰ কথা চিন্তা কৰেঃ হিমন্ত বিশ্ব শৰ্মা

101

অসমত এতিয়া নিৰ্বাচনৰ বতাহ বলিছে ৷ মংগলবাৰে উন্নয়নৰ বাৰ্তা লৈ লখিমপুৰত উপস্থিত হ’ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মন্ত্ৰীগৰাকীয়ে ৰাইজক প্ৰতিশ্ৰুতি দি কয় যে অৰুণোদয় আঁচনিৰ অন্তৰ্গত অৰুণোদয় ধন ৮৩০ টকাৰ পৰা ৩ হাজাৰ টকালৈ শীঘ্ৰেই বৃদ্ধি কৰা হ’ব । লগতে দুবছৰত ৪৩ হাজাৰ শিক্ষকে নিযুক্তি লাভ কৰিব বুলিও ৰাইজক প্ৰতিশ্ৰুতি আগবঢ়ালে ডঃ শৰ্মাই ।

কংগ্ৰেছে অ’তদিনে কেৱল ধুতি,লুঙি,সূতা-কম্বলৰ ৰাজনীতি কৰিলে ৷ কংগ্ৰেছী নেতাই ৰাতি শুৱাৰ সময়ত ধুতি-লুঙি চিন্তা কৰি শুৱে আৰু ৰাতিপূৱা শুই উঠিও ধুতি-লুঙিৰ কথাই ভাৱে ৷ পিছে বিজেপি চৰকাৰ ধুতি,লুঙি পিন্ধা চৰকাৰ নহয় ৷কিন্তু বিজেপি চৰকাৰে ৰাইজৰ উন্নতিৰ কথা চিন্তা কৰে ৷ সেয়ে বিজেপি চৰকাৰ সদায় ৰাইজৰ হৃদয়ত থাকে আৰু থাকিব ৷ইয়াৰোপৰি ৩বছৰৰ ভিতৰত অসমত মাতৃভাষাৰ মেডিকেল কলেজ স্থাপন কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে জানিব দিয়ে ৷