কংগনাক হয় কাৰাগাৰত নতুবা মানসিক চিকিৎসালয়ত ৰখা উচিত: শিখ আৰু কৃষকক লৈ কৰা বিতৰ্কিত মন্তব্যৰ পিছতে সৰৱ ৰাষ্ট্ৰ

82

নতুন দিল্লীঃ শিৰোমণি অকালি দলৰ (এছএডি) নেতা তথা দিল্লী শিখ গুৰুদ্বাৰা পৰিচালনা সমিতিৰ সভাপতি মনজিন্দৰ সিং চিৰছাই শনিবাৰে কংগনা ৰাণাৱটৰ বিৰুদ্ধে “ঘৃণনীয়” মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰি তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

তিনিখন বিতৰ্কিত কৃষি আইন বাতিল সন্দৰ্ভত ৰাণাৱটে কৰা তীব্ৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি চিৰছাই কয় যে অভিনেত্ৰীগৰাকীক হয় কাৰাগাৰত বা মানসিক চিকিৎসালয়ত ৰখা উচিত।

তেওঁ লগতে কয়, “কংগনাৰ বিবৃতিয়ে এটা অতি সস্তীয়া মানসিকতাৰ ওপৰত আলোকপাত কৰিছে। খলিস্তানী সন্ত্ৰাসবাদীৰ কাৰণে তিনিখন কৃষি আইন বাতিল কৰা হৈছে বুলি কোৱাটো কৃষকসকলৰ প্ৰতি অসন্মান। তেওঁ আচলতে ঘৃণা উত্পত্তিকাৰী কাৰখানা।”

“আমি ইনষ্টাগ্ৰামত তেওঁৰ ঘৃণনীয় সমলৰ বাবে চৰকাৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছো। তেওঁৰ নিৰাপত্তা আৰু পদ্মশ্ৰী তৎক্ষণাৎ প্ৰত্যাহাৰ কৰিব লাগিব। . তেওঁক হয় মানসিক চিকিৎসালয়ত বা কাৰাগাৰত ৰখা উচিত।” চিৰছাই কয়।

উল্লেখ্য যে, শেহতীয়াকৈ পদ্মশ্ৰী বঁটা লাভ কৰা কংগনা ৰাণাৱটে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক মহৰ দৰে ‘খলিস্তানী’ক চূৰ্ণ-বিচূৰ্ণ কৰাৰ বাবে প্ৰশংসা কৰাৰ পিছত অকালি দলৰ নেতাগৰাকীয়ে এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে।