“ঔষধৰ দৰে ম্যাদ উকলিব এদিন বিজেপিৰ।” – এই মন্তব্য জ্যেষ্ঠ কংগ্ৰেছ নেতা প্ৰদ্যুত বৰদলৈৰ।
সমাগত পৌৰ সভা নিৰ্বাচনক কেন্দ্ৰ কৰি তৎপৰ হৈ পৰিছে শাসক-বিৰোধী। নিজ দলৰ প্ৰাৰ্থীৰ হৈ গাঁৱে গাঁৱে প্ৰচাৰ চলাইছে প্ৰতিটো দলৰ শীৰ্ষ নেতাই।
সেইদৰে নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ গৈ বিজেপিক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰিলে কংগ্ৰেছ নেতা প্ৰদ্যুত বৰদলৈয়ে।
নিজ দলৰ গুণ-গৰিমা বখানি বিজেপিক ঔষধৰ সৈতে তুলনা কৰিলে প্ৰদ্যুত বৰদলৈয়ে। ঔষধৰ ম্যাদ উকলাৰ দৰে বিজপিৰো এদিন ম্যাদ উকলিব বুলি মন্তব্য কৰে তেওঁ।
ইফালে কংগ্ৰেছৰ বৰ্তমানৰ শোচনীয় পৰিস্থিতি সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে বৰদলৈয়ে। ক’লে- কংগ্ৰেছৰ ১৩৫ বছৰীয়া ইতিহাসৰ কথা।
ডাইনছ’ৰৰ দৰেই কংগ্ৰেছ বিলুপ্ত হৈ নাযায় বুলি মন্তব্য কৰি প্ৰদ্যুত বৰদলৈয়ে কয়, “ধুমুহা আহিবই। সেয়া অৱশ্যম্ভী। ধুমুহা আহিলে দুই-এটা ঠাল-ঠেঙুলি ভাগি পৰিবই। গছডালো অলপ হাউলিব পাৰে। কিন্তু বাগৰি নাযায়। কংগ্ৰেছৰ শিপা পাতাললৈকে আছে।”
নতুন মুখ আৰু নতুন উদ্যমে এদিন কংগ্রেছক পুনৰিজ্জীৱিত কৰিব আৰু দলৰ ভালদিন আহিব বুলি মন্তব্য কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা গৰাকীয়ে।