ওৰাং ৰাষ্ট্ৰীয় উদ্যানত মতা গড়ৰ মৃত্যু

318

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত মতা গড়ৰ মৃত্যু ৷

বাৰ্ধক্য জনিত কাৰণত মৃত্যু হৈছে গড়টোৰ ৷

উদ্যান খনৰ পিছলামুখ বন শিবিৰ এলেকাত মৃত্যু হৈছে গঁড়টোৰ ।

গড়টোৰ বয়স আনুমানিক ৪০-৪৫ বছৰ বুলি জানিব পৰা গৈছে ।

গঁড়টোৰ উচ্চতা ২ মিটাৰ আৰু দীঘল ৩ মিটাৰত অধিক বুলি জানিব দিছে বন বিভাগে ।

বুধবাৰে উদ্যান খনৰ পিছলামুখ বন শিবিৰ এলেকাত বন কৰ্মীয়ে টহল দি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃত গঁড়টো ।

পশু চিকিৎসক বাহাৰুল ইছলাম আৰু ডি, এফ, অ প্রদীপ্ত বৰুৱাই জনোৱা মতে, অতিৰিক্ত বয়স হোৱাৰ বাবেই মৃত্যু হৈছে গঁড়টোৰ । খড়্গকে আদি কৰি সকলো অংগ কুশলে আছে বুলি জানিব দিয়ে বন বিভাগে ।

বুধবাৰে সন্ধিয়া বন বিভাগৰ দল আৰু চিকিৎসকে মৃত গঁড়টোৰ খড়্গ সংৰক্ষণ কৰাৰ বাবে কাটি লৈ আঞ্চলিক বন বিষয়া কাৰ্যলয়লৈ ।