ষ্টাফৰিপোৰ্টাৰ, ১৯ মে’ : স্বাস্থ্য বিভাগৰ অসম সামূহিক নিৰীক্ষণ আঁচনিৰ অধীনত ওদালগুৰি জিলাৰ প্ৰত্যেক গাঁৱতে ঘৰে ঘৰে গৈ কভিড ১৯ প্ৰতিৰোধৰ বাবে সমূহীয়া নিৰীক্ষণৰ কাম পূৰ্ণগতিত চলি আছে। ৭ মে’ৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীৰ অধীনত এইপৰ্যন্ত জিলাখনৰ মুঠ ৮০২ খন ৰাজহ গাঁৱৰ ভিতৰত ৭৩৯ খন গাঁৱৰ ৮,৫০,৩২০ জন লোকক সামৰি লোৱা হৈছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু ওদালগুৰি জিলা স্বাস্থ্য বিভাগৰ অধীনত নিৰীক্ষণকাৰী দলসমূহে এই কাৰ্য্যসূচী ৰূপায়ন কৰি আছে। এই পৰ্যন্ত ৩৭৩৯ গৰাকী লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে। ইয়াৰে ভিতৰত ৯২৮ গৰাকী জ্বৰত আক্ৰান্ত আৰু ১৪৩ গৰাকী ইনফ্লুৱেঞ্জা সদৃশ ৰোগত আক্ৰান্ত। ৪২৭ গৰাকীৰ মেলেৰিয়া পৰীক্ষাৰ বাবে তেজৰ নমুনা সংগ্ৰহ কৰাৰ বিপৰীতে ৬৪৯ গৰাকীৰ ৰেপিড ডাইগনেষ্টিক কিটৰ জৰিয়তে মেলেৰীয়া পৰীক্ষা কৰা হৈছে। আনহাতে কভিদ ১৯ ৰ সন্দেহত ১২৯ টা নমুনা সংগ্ৰহ কৰা হৈছে।
Latest article
জিন্দাল (ইণ্ডিয়া) লিমিটেডে অসমৰ আৱৰণযুক্ত তীখা খণ্ডত দখল কৰিছে ৩০ শতাংশ বজাৰ অংশীদাৰিত্ব
জিন্দাল (ইণ্ডিয়া) লিমিটেডে অসমৰ আৱৰণ যুক্ত ষ্টীল শাখাত প্ৰায় ৩০ শতাংশ অংশ দখল কৰি সৰ্বভাৰতীয় বজাৰত উপস্থিতি অধিক শক্তিশালী কৰিছে। একাধিক ষ্টীল প্ৰডাক্টৰ শিতানত...
ইণ্ডিয়া য়ুথ কাউন্সিলৰ শুভাৰম্ভণিৰ বাবে জেন গুডঅল ইনষ্টিটিউটক সমৰ্থন গড্ৰেজ ইণ্ডাষ্ট্ৰীজৰ
গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপে জেন গুডঅল ইনষ্টিটিউট (জেজিআই) ইণ্ডিয়াৰ সৈতে অংশীদাৰিত্ব কৰি যুৱ ৰূপান্তৰকাৰীসকলক সবলীকৰণৰ মঞ্চ য়ুথ কাউঞ্চিল প্ৰগ্ৰাম আৰম্ভ কৰিছে। জেজিআইৰ বিশ্বব্যাপী ৰুটছ এণ্ড...
ভৰতপুৰ কৌশল মহোৎসৱত চাকৰি নিশ্চিত হ’ল ২৪০০ৰো অধিক যুৱক-যুৱতীৰ
দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ অধীনত ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম(এনএচডিচি)ৰ দ্বাৰা আয়োজিত ভৰতপুৰ কৌশল মহোৎসৱ দেশৰ বিভিন্ন খণ্ডৰ শীৰ্ষ নিয়োগকৰ্তাৰ পৰা ২৪০০ৰো অধিক যুৱক-যুৱতীয়ে...