ওদালগুৰি জিলাৰ পানেৰীত এগৰাকী নাবালিকাক বলাৎকাৰ কৰাৰ অভিযোগত আৰক্ষীয়ে এজন ৫০ বছৰীয়া ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে।
বাতৰি অনুসৰি, ৫০ বছৰীয়া দীপক মহাটোৱে তেওঁৰ বাসগৃহত চুবুৰীয়াৰ এগৰাকী ১০ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।
ঘটনাটো সংঘটিত হোৱাৰ সময়ত ভুক্তভোগীৰ পিতৃ-মাতৃ কামলৈ গৈছিল আৰু কিশোৰীগৰাকী ঘৰত অকলে আছিল।
ইয়াৰ সুযোগ লৈ, অভিযুক্তজনে ঘৰত প্ৰৱেশ কৰে আৰু কিশোৰীগৰাকীক ২০ টকা দিয়াৰ প্ৰলোভনেৰে নিজৰ অসৎ চৰিতাৰ্থ পূৰণ কৰে।
পিছত, কিশোৰীগৰাকীয়ে মাকক সকলো কথা কোৱাৰ পিছতে আৰক্ষীৰ ওচৰত দীপক মাহাতো নামত লম্পটজনৰ বিৰুদ্ধে মাতৃয়ে দাখিল কৰে এজাহাৰ।
আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত গোচৰ ৰুজু কৰি ইতিমধ্যে অভিযুক্তক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে।
