ওদালগুৰিত সশস্ত্ৰ সংগঠন এনএলএফবিৰ ৭জন কেডাৰ গ্ৰেপ্তাৰ

76

ওদালগুৰিত আৰক্ষীয়ে অভিযান চলাই বিগত দুটা দিনত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা ৭ জনকৈ নকৈ গঠিত সশস্ত্ৰ সংগঠন এনএলএফবিৰ কেডাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। দেওবাৰে ওদালগুৰি আৰক্ষীয়ে প্ৰথমে ভৈৰৱকুণ্ডৰ সমীপৱৰ্তী ভৈৰৱপুৰ, জামুগুৰি আৰু এক নং গৰৈবাৰীত অভিযান চলায়। তাৰ পিছতে সোমবাৰে ওদালগুৰি আৰু হৰিশিঙাত অভিযান চলাই আৰক্ষীয়ে মুঠ ৭ জনকৈ এনএলএফবিৰ কেডাৰক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা কেডাৰ কেইজন ক্ৰমে ৰবীন্দ্ৰ বসুমতাৰী(১৯), বৰ্ণবাছ বসুমতাৰী(৩৪), পাউল গয়াৰী(৩২), কুন্দন সিং(৪১), প্ৰসেন দৈমাৰী(৩৬), চানিকু দৈমাৰী(২৫) আৰু ৰাজেন্দ্ৰ বসুমতাৰী(৩০) বুলি জানিব পৰা গৈছে। ধৃত লোককেইজন ধন দাবীৰ দৰে ঘটনাত জড়িত থকা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।