ওদালগুৰিত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, এজনক আটক

85

সমগ্ৰ ৰাজ্যত ড্ৰাগছ আৰু অন্য নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ আৰুু বিক্ৰীৰ বিৰুদ্ধে আৰক্ষী-প্ৰশাসন কঠোৰ হৈছে। তাৰ মাজতে ওদালগুৰিতো আৰক্ষীয়ে অভিযান চলাই ব্ৰাউন চুগাৰসহ এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

এক গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই ২৫টা কন্টেইনাৰত ভৰাই অনা প্ৰায় ৫৫ গ্ৰাম ওজনৰ ব্ৰাউন চুগাৰ খিনি জব্দ কৰিবলৈ সক্ষম হয়। লগতে আৰক্ষীয়ে এজন যুৱককো আটক কৰি বৰ্তমান তদন্ত অব্যাহত ৰাখিছে। ধৃত সৰবৰাহকাৰী জনৰ নাম ৰিজু বড়ো বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।