ওদালগুৰিত গৰ্ভৱতী হাতীৰ মৃতদেহ উদ্ধাৰ, খাদ্যৰ অভাৱত মৃত্যুৰ সন্দেহ

269

ওদালগুৰি জিলাৰ এখন গাঁৱৰ সমীপত শুকুৰবাৰে মৃত অৱস্থাত উদ্ধাৰ হয় এটা গৰ্ভৱতী বনৰীয়া হাতী।

খাদ্যৰ অভাৱত বনৰীয়া হাতীজনীৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে।

ভূটিয়াচাং গাঁৱৰ সমীপত স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পিছতে বন বিভাগৰ বিষয়াক খবৰ দিয়ে।

ইয়াৰ মৃত্যুৰ সঠিক কাৰণ মৰণোত্তৰ পৰীক্ষাৰ পিছত জানিব পৰা যাব বুলি বন বিষয়াসকলে অৱগত কৰিছে।

ইয়াৰ পূৰ্বে আজি যোৰহাট জিলাৰ এখন চাহ বাগিচাৰ পৰা উদ্ধাৰ কৰা হয় এটা হাতী পোৱালিৰ মৃতদেহ।

সূত্ৰই জনোৱা মতে, তিতাবৰৰ কাছজান চাহ বাগিচাত স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পিছতে বন কৰ্তৃপক্ষক অৱগত কৰে।

জানিব পৰা মতে, পোৱালিটোৰ মৃত্যুৰ সময়ত প্ৰায় তিনি মাহ বয়সৰ আছিল।

হাতী পোৱালিটোৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।