ওড়িশাত ট্ৰিপল ট্ৰেইন দুৰ্ঘটনাৰ ফলত কৰ্তব্য অৱহেলাৰ অভিযোগত চিবিআইয়ে গ্ৰেপ্তাৰ কৰা তিনিজন কৰ্মচাৰীকে ধৰি কমেও সাতজন ৰেলৱে কৰ্মচাৰীক নিলম্বন কৰা হৈছে।
যোৱা ২ জুনত বালাসৌৰ জিলাৰ বাহানাগা বজাৰ ৰেলৱে ষ্টেচনৰ সমীপত সংঘটিত হোৱা ট্ৰিপল ৰেল সংঘৰ্ষত ২৯৩ জন লোক নিহত হোৱাৰ লগতে ১২০০ৰো অধিক লোক আহত হয়।
দক্ষিণ-পূব ৰে’লৱেৰ জেনেৰেল মেনেজাৰ অনিল কুমাৰ মিশ্ৰই সাংবাদিকৰ আগত কয় যে, “অফিচাৰসকল সজাগ হ’লে এই দুৰ্ঘটনা এৰাই চলিব পৰা গ’লহেঁতেন।” দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি সাংবাদিকৰ আগত মিশ্ৰই কয় যে, “চিবিআইয়ে গ্ৰেপ্তাৰ কৰা তিনিজনকে ধৰি ৰে’লৱেই এতিয়ালৈকে ৭ জন কৰ্মচাৰীক নিলম্বন কৰিছে। নীতি অনুসৰি ২৪ ঘণ্টা ধৰি গ্ৰেপ্তাৰ হোৱা এজন কৰ্মচাৰী নিলম্বিত হৈ আছে।”
ইয়াৰ পূৰ্বে চিবিআইয়ে জ্যেষ্ঠ ছেকচন ইঞ্জিনিয়াৰ (চিগনেল) অৰুণ কুমাৰ মহন্ত, ছেকচন ইঞ্জিনিয়াৰ মহম্মদ আমিৰ খান আৰু টেকনিচিয়ান পাপ্পু কুমাৰক গ্ৰেপ্তাৰ কৰিছিল।
বুধবাৰৰ পৰা চিবিআইয়ে পুনৰ চাৰিদিনৰ ৰিমাণ্ড লৈছে।
মঙলবাৰে ৫ দিনৰ ৰিমাণ্ড সম্পূৰ্ণ হোৱাৰ পিছতে চিবিআইৰ নিৰ্দিষ্ট আদালতত হাজিৰ কৰোৱা হয় কৰ্মচাৰী তিনিজনক। ইয়াৰ পূৰ্বে দক্ষিণ-পূব চক্ৰৰ ৰে’ল সুৰক্ষা আয়ুক্তই চলোৱা তদন্তত ষ্টেচনটোৰ নৰ্থ চিগনেল গুমটিত চিগনেলিং চাৰ্কিটৰ পৰিৱৰ্তনৰ গাফিলতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
যোৱা ২ জুনত হাওৰা অভিমুখী ক’ৰ’মণ্ডল এক্সপ্ৰেছ গাড়ীখনে এখন ৰৈ থকা মালবাহী ৰে’লৰ খুন্দাত প্ৰায়বোৰ ডবা ৰেলপথৰ পৰা বাগৰি পৰে।
একে সময়তে পাৰ হৈ যোৱা বেংগালুৰু-হাওৰা ছুপাৰফাষ্ট এক্সপ্ৰেছো এই দুৰ্ঘটনাত পতিত হয়।