ওড়িশাৰ নয়াগড় জিলাৰ সুনালাটি গাঁৱত গেছ পাইপলাইন বিস্ফোৰণত দুজন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে তিনিজন শ্ৰমিক আহত হয়।
এই ঘটনা সংঘটিত হয় পাইপলাইনটোৰ কাম কৰি থকা অৱস্থাত একাংশ শ্ৰমিকে পাইপলাইনত প্ৰৱেশ কৰাৰ ফলত হঠাতে বিস্ফোৰণ ঘটে।
ঘটনাৰ পিছতে উদ্ধাৰকাৰী বিষয়া আৰু স্থানীয় বাসিন্দাই ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ আহত লোকসকলক চিকিৎসালয়লৈ লৈ যায়।
