এয়া অসমৰে ঘটনা! বোৰ্খাৰ পৰিবৰ্তে জিন্স পিন্ধাৰ বাবেই অপদস্থ কৰা হল যুৱতীক

83

বোৰ্খা নিপিন্ধি জিন্স পিন্ধাৰ বাবেই ঘৰৰ পৰা গতিয়াই উলিয়াই দিয়া হল এগৰাকী মুছলমান যুৱতীক। এই ঘটনা সংঘটিত হৈছে বিশ্বনাথ চাৰিআলিৰ দৈনিক বজাৰৰ সমীপৰ ১২নং ৱাৰ্ডত। অভিযোগ অনুসৰি, অঞ্চলটোৰ বাসিন্দা নুৰুল আমিন নামৰ লোকজনে বোৰ্খাৰ পৰিবৰ্তে জিন্স পেণ্ট পিন্ধি অহাৰ অপৰাধতেই শাৰীৰিক-মানসিকভাৱে অপদস্থ কৰি ঘৰৰ পৰা গতিয়াই উলিয়াই দিয়ে।

বাতৰি অনুসৰি, নুৰুল আমিনৰ দুই পুত্ৰই ঘৰতে ইলেক্ট্ৰনিক সামগ্ৰীৰ ব্যৱসায় চলায়। ২৫ অক্টোবৰত এগৰাকী যুৱতীয়ে মোবাইলৰ হেডফোন ক্ৰয় কৰিবলৈ নুৰুল আমিনৰ ঘৰলৈ গৈছিল। কিন্তু যুৱতীগৰাকীয়ে পিন্ধা নাছিল বোৰ্খা। আৰু সেই অপৰাধতেই যুৱতীগৰাকীক অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি, সেই অঞ্চলটোত পূৰ্বেও আন বহু যুৱতীক একে অপৰাধত অপদস্থ কৰা হৈছে।

আনহাতে, এই ঘটনাৰ পিছতে যুৱতীগৰাকীয়ে কান্দি কান্দি ঘৰত উপস্থিত হয়৷ ঘটনা সম্পৰ্কে অৱগত হোৱাৰ পিছত যুৱতীগৰাকীৰ পিতৃয়ে ঘটনাটোৰ প্ৰতিবাদ জনাই নুৰুল আমিনক জবাবদিহি কৰাত ক্ষুব্ধ হৈ পৰে তেওঁৰ দুই পুত্ৰ৷ ২৯ অক্টোবৰৰ দিনা খৰ্গহস্ত হৈ থকা তেওঁৰ পুত্ৰ ৰাফিকুল ইছলামে যুৱতীগৰাকীৰ পিতৃক বাটত আগচি ধৰি মাৰপিট কৰাৰ অভিযোগ উঠিছে৷

ইতিমধ্যে, সমগ্ৰ ঘটনা সন্দৰ্ভত বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে ৷ ভাৰতীয় দণ্ড বিধিৰ 341/294/323/34 ধাৰাৰ অধীনত 415/21 নম্বৰৰ এটা গোচৰ বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত পঞ্জীয়ন হৈছে৷ ইফালে আৰক্ষীয়ে নুৰুল আমিন আৰু পুত্ৰ ৰাফিকুল ইছলাম দুয়োজনকে আটক কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷ বিশ্বনাথ মহাবিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগত অধ্যয়নৰত ছাত্ৰীগৰাকীৰ লগত সংঘটিত এই ঘটনাই সমগ্ৰ বিশ্বনাথ চাৰিআলিতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷