এসময়ত প্ৰযোজকে কৈছিল, ‘বুকুখন অপাৰেশ্যন কৰি ধুনীয়া কৰি লোৱা…’, প্ৰিয়ংকা চোপ্ৰাৰ আত্মজীৱনীত বিশ্বসুন্দৰীৰ নেদেখা অতীত

91

এসময়ত প্ৰযোজকে কৈছিল, ‘বুকুখন অপাৰেশ্যন কৰি ধুনীয়া কৰি লোৱা…’, প্ৰিয়ংকা চোপ্ৰাৰ আত্মজীৱনীত বিশ্বসুন্দৰীৰ নেদেখা অতীত
মুক্তি লাভ প্ৰিয়ংকা চোপ্ৰা জ’নাছৰ আত্মজীৱনী “আনফিনিচড”। য’ত প্ৰিয়ংকাই লিখিছে জীৱনৰ প্ৰতিটো মুহূৰ্তৰ লগতে বলীউদত কটোৱা প্ৰতিটো মুহূৰ্তৰ কথা।
প্ৰিয়ংকা চোপ্ৰা জ’নাছ বৰ্তমানে যেন অন্য এক ৰোলত আছে! ২০২১ৰ আৰম্ভণিতে অভিনেত্ৰীগৰাকীয়ে তেওঁৰ নেটফ্লিক্স ছবি “দি হোৱাইট টাইগাৰ”ৰে আৰম্ভ কৰিছে, য’ত তেওঁৰ সৈতে দেখিবলৈ পোৱা গৈছে ৰাজকুমাৰ ৰাও আৰু আদৰ্শ গৌৰৱক। ইতিমধ্যে ছবিখনে সমগ্ৰ বিশ্বৰ জনসাধাৰণে সুন্দৰকৈ আঁকোৱালি লোৱাৰ পিছতে অভিনেত্ৰীগৰাকীয়ে আগবঢ়াইছে তেওঁৰ সকলো স্মৃতিকথা সামৰি আত্মজীৱনী “আনফিনিচড” (Unfinished)। কিতাপখনৰ মুকলি কৰাৰ পূৰ্বেই কিতাপখনত থকা কিছু অংশৰে সকলোৰে কাষ চাপিছে প্ৰিয়ংকা।
তাৰ মাজত অন্যতম বিষয় হৈছে, প্ৰিয়ংকাই বলীউদত লাভ কৰা কিছুমান অপ্ৰিয় অভিজ্ঞতা। আনফিনিচডৰ এটা খণ্ড হৈছে প্ৰিয়ংকাৰ হিন্দী চলচ্চিত্ৰ উদ্যোগত থকা এটা অস্বস্তিকৰ ঘটনাৰ বিষয়ে।
সেই তথ্য অনুসৰি, ২০০২ চনত মিছ ৱৰ্ল্ডৰ খিতাপ অৰ্জনৰ পিছতেই সংঘটিত হৈছিল এই ঘটনাটো। যেতিয়া এগৰাকী প্ৰযোজকে প্ৰিয়ংকাক ‘শৰীৰৰ জোখ-মাখ’ ঠিক কৰিবলৈ পৰামৰ্শ দিছিল।
কেইমিনিটমানৰ পিছত, প্ৰযোজকগৰাকীয়ে মোক তেওঁৰ বাবে থিয় হৈ ঘূৰিবলৈ কৈছিল। মই কৰিলো। তেওঁ মোৰ ফালে চাই মোক পৰামৰ্শ দিছিল যে, মই স্তন যুগলৰ অপাৰেশ্যন (boob job) কৰিব লাগিব। যদিহে মই এগৰাকী অভিনেত্ৰী হ’ব বিচাৰো তেন্তে মই মোৰ জ’লাইন ঠিক কৰিব লাগিব আৰু মোৰ শৰীৰৰ পিছৰ অংশত আৰু অলপ তৰপ যোগ দিব লাগিব। তেওঁ কৈছিল, মোৰ শাৰীৰিক হিচাপ ‘স্থিৰ’ থাকিব লাগিব, আৰু এলএৰ এজন অভিজ্ঞ চিকিৎসকৰ ওচৰলৈ মই যাব লাগিব। মোৰ সেই সময়ৰ মেনেজাৰেও এই চুক্তিৰ বাবে মাত দিছিল,” অভিনেত্ৰীগৰাকীয়ে তেওঁৰ Unfinishedত উল্লেখ কৰা হৈছে এই কথা।
এই অপ্ৰিয় অভিজ্ঞতাৰ ঠিক পাচতে প্ৰিয়ংকাই তেওঁৰ মেনেজাৰৰ সৈতে দূৰত্ব বজাই ৰাখিছিল আৰু লগতে তেওঁ এইটোও উল্লেখ কৰিছে যে, সেই ঘটনাটোৱে কেনেকৈ তেওঁক স্তম্ভিত কৰি তুলিছিল আৰু নিজকে নীচ যেন অনুভৱ কৰিছিল। সেয়া যি হ’লেও অতীতৰ সৈতে থকা এনেবোৰ বিৰক্তিকৰ অভিজ্ঞতাৰ বিষয়ে মুকলিকৈ কোৱাটোৱে উদঙাইছে প্ৰিয়ংকাৰ সাহসিকতা