এসপ্তাহৰ ভিতৰত খালী কৰিব লাগিব বিধায়কৰ অৱাস, ঘৰ ভাড়াৰ নামত বিধায়কক দিয়া হ’ব ইমান টকা…

285

ভাঙি পেলোৱা হ’ব বিধায়ক আবাসৰ সকলো অসম আৰ্হিৰ ঘৰ।

২০ জুলাই অৰ্থাৎ আজিৰ ভিতৰত বিধায়কক আবাস খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল যদিও আৰু এসপ্তাহ সময় অপেক্ষা কৰিব বিধানসভা সচিবালয়ে।

বিধায়কৰ অসম আৰ্হিৰ ঘৰৰ স্থানত নিৰ্মাণ কৰা হ’ব ১০ মহলীয়া বিল্ডিং।

বিধায়কসকলৰ বাবে দুটা বিল্ডিং আৰু বিধায়ক ষ্টাফৰ বাবে এটা বিল্ডিং নিৰ্মাণ কৰা হ’ব।

অহা ছেপ্টেম্বৰ মাহৰ পৰাই নিৰ্মাণৰ কাম আৰম্ভ হ’ব।

৩ বছৰৰ ভিতৰত সম্পূৰ্ণ কৰি বিধায়কসকলৰ হাতত ঘৰ তুলি দিয়া হ’ব।

প্ৰতিগৰাকী বিধায়কক এই সময়ছোৱাত ৫০ হাজাৰ টকাকৈ দিয়া হ’ব ভাড়াঘৰৰ বাবদ মাননী।

এই কথা প্ৰকাশ কৰিলে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।