এসপ্তাহৰ বাবে স্থগিত পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহন, কাৰণ…

85

পঞ্জাৱৰ ৰাজনৈতিক দলসমূহৰ আহ্বানৰ পিছতে এসপ্তাহৰ বাবে স্থগিত ৰখা হৈছে ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহন। নিৰ্বাচন আয়োগে সোমবাৰে ঘোষণা কৰা অনুসৰি, ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহন পূৰ্বৰ ১৪ ফেব্ৰুৱাৰীৰ পৰিবৰ্তে ২০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হব।

গুৰু ৰবিদাস জয়ন্তীৰ প্ৰতি লক্ষ্য ৰাখি পঞ্জাৱৰ সকলো ৰাজনৈতিক দলে নিৰ্বাচন আয়োগক এসপ্তাহৰ বাবে ভোটদান স্থগিত ৰাখিবলৈ আহ্বান জনোৱাৰ পিছতে পিছুৱাই দিয়া হয় ভোটগ্ৰহনৰ তাৰিখ।

পঞ্জাৱৰ সকলো ৰাজনৈতিক দলে নিৰ্বাচন আয়োগক ভোটদানৰ তাৰিখ বৃদ্ধি কৰিবলৈ নিৰন্তৰ আহ্বান জনাই আহিছিল। নিৰ্বাচন আয়োগে সোমবাৰে এই সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে।

এই বৈঠকত নিৰ্বাচন আয়োগে গুৰু ৰবিদাস জয়ন্তীৰ প্ৰতি লক্ষ্য ৰাখি বিধানসভা নিৰ্বাচনৰ ভোটদান ৬ দিনলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়। নিৰ্বাচন আয়োগে জনাইছে যে বিধানসভা নিৰ্বাচনৰ বাবে ভোটদান এতিয়া ২০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব।