এসপ্তাহে সম্ভেদ নাই কুমাৰ দৰ্জীৰ…

104

বিগত ৭টা দিনে সন্ধানহীন হৈ আছে ঢেকীয়াজুলি থানাৰ অন্তৰ্গত ১ নং চিতলমাৰীৰ দৰ্জীৱস্তি গাঁৱৰ কুমাৰ দৰ্জী নামৰ ব্যক্তিগৰাকী। জানিব পৰা মতে, যোৱা ১৮ জানুৱাৰীত দুপৰীয়াৰ আহাৰ খোৱাৰ পিছতে ঘৰৰ পৰা ওলাই গৈছিল কুমাৰ দৰ্জী। তিনিটা সন্তানৰ পিতৃ ৪০ বৰ্ষীয় ব্যক্তিজনে যোৱাৰ সময়ত ক’ত যাব সেই বিষয়ে পৰিয়ালক একো কৈ যোৱা নাছিল। কিন্তু নিশা পৰ্যন্ত কুমাৰ দৰ্জী ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰে।

ইতিমধ্যে কুমাৰ দৰ্জীৰ নিৰুদ্দেশ সন্দৰ্ভত শিঙৰি থানাত এখন এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে। কিন্তু ঘটনাৰ এসপ্তাহ পাৰ হোৱাৰ পিছতো ব্যক্তিজনৰ সম্ভেদ উলিয়াব পৰা নাই আৰক্ষী অথবা পৰিয়ালৰ লোকে। কোনো লোকে তেওঁৰ সন্ধান পালে ৯৯৫৭৭৪২৪৬৯ আৰু ৬৯০০০৪৯৬৫৭ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালে আহ্বান জনাইছে।